মাত্ৰ এক টকাত এক লিটাৰ পেট্ৰ’ল! ক’ত, কেনেকৈ…

নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। ইতিমধ্যে দেশৰ অধিকসংখ্যক চহৰতে শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই।

এনে পৰিস্থিতিত মাত্ৰ ১ টকাত যদি আপুনি এক লিটাৰ পেট্ৰ’ল লাভ কৰে, তেন্তে কেনে হ’ব? হয়, আচৰিত যেন লাগিলেও এটা স্বেচ্ছাসেৱী সংস্থাই ৫০০ গৰাকী গ্ৰাহকক প্ৰদান কৰিলে এক টকা মূল্যৰ পেট্ৰ’ল।

দৰাচলতে মহাৰাষ্ট্ৰৰ চোলাপুৰৰ এটা স্থানীয় সংগঠনে ড০ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্ত্ৰী উপলক্ষে ৫০০ গৰাকী গ্ৰাহকক এক টকা প্ৰতিলিটাৰ দৰত পেট্ৰ’ল আগবঢ়ায়।

petrol one
মাত্ৰ এক টকাত এক লিটাৰ পেট্ৰ’ল! ক’ত, কেনেকৈ… 2

মূল্যবৃদ্ধিৰ সময়ত অন্ততঃ কিছু হলেও গ্ৰাহকক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে সংগঠনটোৱে আগবঢ়োৱা এক টকা মূল্যৰ পেট্ৰ’ল লাভ কৰিবলৈ পেট্ৰ’ল পাম্পত গ্ৰাহকক যথেষ্ট ভিৰ লাগে। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীও মোতায়েন কৰিবলগা হয়।

ড০ আম্বেদকাৰ ষ্টুডেণ্টছ এণ্ড য়ুথ পেন্থাৰ নামৰ সংগঠনটোৰ এগৰাকী সদস্যই কয় যে যদি এটা স্থানীয় সৰু সংগঠনে এনেদৰে জনতাক কিছু সকাহ প্ৰদানৰ চেষ্টা কৰিব পাৰে, তেন্তে এই প্ৰচেষ্টা চৰকাৰেও গ্ৰহণ কৰা উচিত।

সংগঠনটোৰ ৰাজ্যিক গোটৰ নেতা মহেশ সৰ্বগোদাই কয়, ”মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোডী চৰকাৰৰ অধীনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১২০ টকালৈ বৃদ্ধি পাইছে। সেয়েহে, জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ আৰু ড০ বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ, আমি ১ টকা হাৰত পেট্ৰ’ল বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছো।”

তেওঁ লগতে কয়, ”যদি আমাৰ দৰে এটা সৰু সংগঠনে ৫০০ জন লোকক সকাহ দিব পাৰে, তেন্তে চৰকাৰেও সকাহ দিয়া উচিত।”

লক্ষণীয়ভাৱে, চোলাপুৰত পেট্ৰ’ল প্ৰতি লিটাৰত ১২০.২১ টকাত বিক্ৰী হৈ আছে। আনহাতে, ডিজেলৰ ক্ষেত্ৰত চোলাপুৰত ইয়াৰ মূল্য প্ৰতি লিটাৰত ১০২.৯২ টকালৈ বৃদ্ধি পাইছে। একে সময়তে, মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত পেট্ৰ’লৰ মূল্য হৈছে ১২১.৫১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০৪.৭৭ টকা।

Leave a Comment