অসমীয়াৰাষ্ট্ৰীয়

সেনাৰ অভিযানত নিহত ৪ সন্ত্ৰাসবাদী, অভিযানত যোগদানৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ গ’ল ২ সেনা জোৱানৰ

নিউজ ডেস্কঃ পুনৰ সন্ত্ৰাসজৰ্জৰ হৈ পৰা জম্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত বৃহস্পতিবাৰে নিহত হয় ৪ জনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।

শ্ব’পিয়ানৰ জৈনপোৰা অঞ্চলত চলোৱা অভিযানৰ সময়ত নিহত হয় সন্ত্ৰাসবাদী কেইজন।

ইফালে এই অভিযান চলাবলৈ গৈ থকা সময়ত ৪৪ আৰ আৰ বেটেলিয়নৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুগৰাকী সেনা জোৱানৰো মৃত্যু ঘটে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন জোৱান বৰ্তমান চিকিৎসাধীন হৈ আছে।

1 8

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, শ্বপিয়ানৰ জৈনপোৰা অঞ্চলৰ ওচৰৰ বাদিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাই যুটীয়াভাৱে অভিযান চলায়।

এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰত গুলীচালনা কৰে অভিযানকাৰী দলটোৱেও। যাৰ ফলত ৪ সন্ত্ৰাসবাদী নিহত হয়। বৰ্তমানো অঞ্চলটোত অভিযান অব্যাহত আছে।

ইফালে এই এনকাউণ্টাৰত যোগদান কৰিবলৈ কানিপোৰাৰ শিৱিৰৰ পৰা অভিযানস্থলীলৈ ৰাওনা হোৱাৰ সময়তে সেনাৰ ৪৪ আৰ আৰ বেটেলিয়নৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত বাহনখনত থকা দুজন জোৱানৰ মৃত্যু ঘটাৰ বিপৰীতে আন দুজন আহত হয়।

আহত জোৱান দুজনক শ্ৰীনগৰৰ ৯২ বেচ হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছে।

উল্লেখ্য যে, বুধবাৰে নিশা কাশ্মীৰৰ কুলগামত এটা কাশ্মিৰী হিন্দু পৰিয়ালৰ ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাত সতীশ কুমাৰ সিং নামৰ হিন্দু যুৱকজন গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে হাস্পতালতে মৃত্যু ঘটে যুৱকজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *