ৰাষ্ট্ৰীয়

বিমানৰ ভিতৰত জ্বলি উঠিল যাত্ৰীৰ মোবাইল ফোন, তাৰ পিছত…

নিউজ ডেস্কঃ বিমানৰ ভিতৰত মাজ আকাশতে জ্বলি উঠিল মোবাইল ফোন। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে গৈ উৰা মৰাৰ পিছতে ইণ্ডিগৰ ৬ই ২০৩৭ যাত্ৰীবাহী বিমানত সংঘটিত হয় এই অঘটন।

জানিব পৰা বিমানখনেৰে যাত্ৰা কৰা এগৰাকী যাত্ৰীৰ মোবাইল ফোনত জুইৰ সূত্ৰপাত ঘটে।

অৱশ্যে লগে লগে ক্ৰু মেম্বাৰে বিমানত মজুত থকা অগ্নি নিৰ্বাপক যন্ত্ৰৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিষয়াই।

বাতৰি অনুসৰি, দিল্লী অভিমুখে উৰা মৰা বিমানখনৰ ভিতৰত মাজ আকাশত হঠাৎ এজন যাত্ৰীৰ মোবাইল ফোনৰ পৰা স্ফুলিংগ আৰু ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে এগৰাকী ক্ৰু মেম্বাৰে।

লগে লগে তেওঁ অগ্নি নিৰ্বাপক যন্ত্ৰৰ সহায়ত জুই নিৰ্বাপন কৰে।

তাৰ পিছত বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

লগতে চাওকঃ

মাত্ৰ ৩ মাহ পূৰ্বে বিয়াত বহা সেনা জোৱান পৱন শ্বহীদ হ’ল শ্ব’পিয়ানত! পত্নীক কৈছিল- দুই-এদিনতে যাম ঘৰলৈ…

G7 3

Leave a Reply

Your email address will not be published. Required fields are marked *