মাতৃৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাত উপস্থিত হ’ল এটি ৩ বছৰীয়া শিশু! কাৰণ জানি হাঁহি উঠিব আপোনাৰো, চাওক ভিডিঅ’…

নিউজ ডেস্কঃ মাতৃৰ বিৰুদ্ধে গোচৰ দিবলৈ থানা পালেহি এটি ৩ বছৰীয়া কণমানি।

সামাজিক মাধ্যমত শেহতীয়াকৈ এনে এটি ভিডিঅ’ই মন চুইছে নেট ব্যৱহাৰকাৰীৰ।

মাতৃৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰা তিনি বছৰীয়া শিশুটিৰ কাণ্ডই হাঁহিৰ খোৰাক জগাইছে ভিউৱাৰ্ছক।

ভিডিঅ’টোত দেখা গৈছে যে এটি তিনি বছৰীয়া কণমানিয়ে চকলেট আৰু কেণ্ডি খোৱাত বাধা দিয়া মাতৃৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

ভিডিঅ’টোত শিশুটিয়ে এগৰাকী মহিলা আৰক্ষীৰ ওচৰত অভিযোগ কৰা দেখা গৈছে যে শিশুটিৰ মাকে তাক চকলেট খাবলৈ নিদিয়ে।

শিশুটিৱে মহিলা আৰক্ষী গৰাকীক কোৱা শুনা গৈছে- “মায়ে মোৰ চকলেট চুৰি কৰে, তেওঁক জেলত ভৰাই থওক।”

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ দেধাতলাই গাঁৱৰ এখন থানাত সংঘটিত হয় এই আমোদজনক ঘটনা।

দৰাচলতে শিশুটিক মাকে গা ধুৱাই দিয়াৰ পিছত গা মচি দিয়াৰ সময়তে শিশুটিৱে কান্দিবলৈ ধৰে। আৰু তেতিয়াই মাকে ধেমালিতে শিশুটিৰ গাৰত এটা মৰমৰ চৰ মাৰে।

তাৰ পিছতে কণমানিটিয়ে দেউতাকৰ ওচৰত কান্দি কান্দি মাকৰ বিৰুদ্ধে অভিযোগ দিবলৈ তাক থানালৈ লৈ যাবলৈ কয়।

শিশুটিৰ জেদত উপায়ন্তৰ হৈ অৱশেষত তাক দেউতাৰে থানালৈ লৈ আনে আৰু য’ত শিশুটিৱে মাকৰ বিৰুদ্ধে মহিলা আৰক্ষীগৰাকীৰ সন্মুখত অভিযোগ কৰা দেখা যায়।

অৱশ্যে পিছত শিশুটিক মাকে মৰম কৰা বুলি মহিলা আৰক্ষী গৰাকীয়ে বুজোৱাত শিশুটিয়ে দেউতাকৰ সৈতে ঘৰলৈ ওভতে।