AIUDF ছদ্মবেশী বিৰোধী, মই সভাপতি হৈ থকালৈকে AIUDF ৰ লগত মিত্ৰতা নহয়ঃ ভূপেন বৰা

AIUDF লগত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত স্পষ্ট মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

‘মই সভাপতি হৈ থকালৈকে AIUDF ৰ লগত মিত্ৰতা নহয়।’

‘AIUDFক ছদ্মবেশী বিৰোধী দল।’

‘হাইকামাণ্ডে AIUDF ৰ লগত মিত্ৰতা কৰিবলৈ ভূপেন বৰাক নিৰ্দেশ নিদিয়ে।’

এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

তেওঁ কয়- মোৰ স্থিতি মই কেতিয়াও পৰিৱৰ্তন কৰা নাই। যিবিলাক দলে ছদ্মবেশৰ চৰকাৰৰ লগতে মিলি আছে, তেওঁলোকৰ লগতে কংগ্ৰেছে মিত্ৰতা নকৰে। যিবিলাকে ছদ্মবেশী ৰূপ শাসক পক্ষৰ গোলামি কৰি আছে তেওঁলোকৰ লগত কংগ্ৰেছ দল নাই।

তেওঁ কয়- ৰাজনৈতিক দলৰ বাবে কেতিয়াবা নিৰ্বাচনত জয়ী হোৱাতো বহুত গুৰুত্বপূৰ্ণ তেনেদৰে দলটোৰ নীতি আদৰ্শক ধৰি ৰখাটোও গুৰুত্বপূৰ্ণ। আমি দুয়োটা ৰক্ষা কৰি চলিম।

মই সভাপতি হৈ থকালৈকে AIUDF ৰ লগত মিত্ৰতা নহয় বুলিও স্পষ্ট ৰূপত ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।