অমানৱীয়! ধাৰলৈ লোৱা টকা সময়মতে ঘূৰাই দিব নোৱাৰাৰ বাবেই যুৱকক বাইকৰ পিছত বান্ধি টানি লৈ গ’ল ২ কাবুলিৱালাই…

নিউজ ডেস্কঃ ধাৰে লোৱা ধন সময়মতে ঘূৰাই দিব নোৱাৰাৰ বাবেই বাইকৰ পিছত ৰছীৰে বান্ধি যুৱকক ২ কিলোমিটাৰ পথ ৰাজপথেৰে টানি লৈ গ’ল দুই কাবুলিৱালাই।

এই অমানৱীয় কাণ্ড সংঘটিত হৈছে ওড়িশাৰ কটক চহৰত।

জানিব পৰা মতে, কটক চহৰৰ এজন যুৱকে এজন কাৱুলীৱালাৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল।

কিন্তু ধাৰে লোৱা টকাখিনি ঘূৰাই দিবলৈ বাৰাম্বাৰ কোৱা সত্বেও যুৱকজনে আৰ্থিক অভাৱৰ পাৰে টকাখিনি ঘূৰাই দিবলৈ সক্ষম হোৱা নাছিল।

যাৰ পৰণিতত দুই যুৱকে টকা ধাৰলৈ লোৱা যুৱকজনক স্কুটাৰৰ পিছফালে বান্ধি চহৰখনৰ ছেল্টাৰ চ’কৰ পৰা মিছন ৰোডলৈ টানি লৈ যায়।

এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কাবুলিৱালা যুৱক দুজনক আটক কৰিছে।

ঘটনাটোৱে সমগ্ৰ চহৰখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।