মাওবাদীৰ বিৰুদ্ধে NIAৰ অভিযান, নাহৰকটীয়াত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ নেত্ৰী, কৰিমগঞ্জত দম্পত্তিক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰাজ্যত বৃদ্ধি পাইছে মাওবাদীৰ তৎপৰতা।

এমাহপূৰ্বে কাছাৰত দুধৰ্ষ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দাক আৰক্ষীয়ে গগ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতে অসমত মাওবাদীৰ সক্ৰিয়তা বৃদ্ধিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যাৰ বাবে দেওবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা এনআইএয়ে ৰাজ্যৰ ৪ খনকৈ জিলাৰ ১৭টা পৃথক পৃথক স্থানত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই মাওবাদী নেটৱৰ্কৰ শিপা উভালিবলৈ সক্ষম হয়।

FPbr4nTaMAAgt8L
মাওবাদীৰ বিৰুদ্ধে NIAৰ অভিযান, নাহৰকটীয়াত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ নেত্ৰী, কৰিমগঞ্জত দম্পত্তিক গ্ৰেপ্তাৰ 2

অৰুণ কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰৰ পিছত লাভ কৰা তথ্যৰ ভিত্তিত এনআইএ-য়ে দেওবাৰে ডিব্ৰুগড়, কাছাৰ, কৰিমগঞ্জ আৰু ধুবুৰীৰ বিভিন্ন স্থানত মাওবাদী চক্ৰৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযান কালত এনআইএয়ে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নাহৰণিত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ মাওবাদী নেত্ৰী সৰস্বতী ওৰাং ওৰফে ৰীমা ওৰাঙক।

এনআইএৰ সূত্ৰই জানিবলৈ দিয়া মতে, নাহৰণিৰ আত্মসমৰ্পণকাৰী মাওবাদী নেতা টিংৰাজ ওৰাঙৰ বাসগৃহত আশ্রয় লৈ থকা অৱস্থাত অভিযান চলাই সৰস্বতী ওৰাঙক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে।

জানিব পৰা মতে, ধৃত সৰস্বতী ওৰাঙৰ ঘৰ হৈছে কাছাৰৰ জয়পুৰ আৰক্ষী চকীৰ অন্তৰ্গত মহলতল গাঁৱত। তেওঁ চিপিআই (মাওবাদী)ৰ ৰাজনৈতিক আৰু সাংস্কৃতিক শাখাত বিগত ৭ বছৰে কাৰ্যনিৰ্বাহ কৰি আছিল বুলি ইতিমধ্যে স্বীকাৰ কৰিছে।

আনহাতে এনআইএয়ে একেদিনাই স্থানীয় আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত অভিযান চলাই কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সোণাৰখিৰা অঞ্চলৰ পৰা এহাল স্বামী-স্ত্ৰীকো গ্ৰেপ্তাৰ কৰে।

এই অভিযানকালত এনআইএয়ে দম্পত্তিহালৰ পৰা মোবাইল ফোন আৰু বহু আপত্তিজনক নথি পত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বাতৰি অনুসৰি, ৰাজু ওৰাং আৰু পিংকি ওৰাং নামৰ দম্পত্তি হালৰ আছিল মাওবাদীৰ সৈতে সুসম্পৰ্ক। ইয়াৰ পূৰ্বে ৰাজু ওৰাঙৰ পিতৃ চুনিলাল ওৰাঙে মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল যদিও ২০১৬ চনত তেওঁৰ মৃত্যুৰ পিছত বোৱাৰী পিংকী ওৰাঙে মাওবাদীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে।

শেহতীয়াকৈ কিছুদিন পূৰ্বে ৭ গৰাকী অচিনাক্ত মহিলাই পিংকী ওৰাঙৰ ঘৰত আশ্ৰয় লৈ আছিল বুলিও জানিব পৰা গৈছে।

আনহাতে এনআইএৰ জেৰাত ধৃত পিংকী ওৰাঙে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গ’লেও এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই তদন্তকাৰী বিষয়াই।

এনআইএ-য়ে ডিব্ৰুগড় আৰু বৰাক উপত্যকাৰ আন আন স্থানতো দেওবাৰে অভিযান চলাই মাওবাদীৰে সম্পৰ্কিত বহু আপত্তিজনক নথি-পত্ৰ আৰু ডিজিটেল ডিভাইচ জব্দ কৰিবলৈ সক্ষম হয়।

এনআইএৰ এই অভিযানে নিঃসন্দেহে অসমত মাওবাদীৰ তৎপৰতা বৃদ্ধিৰ সংকেত প্ৰদান কৰিছে।

এনআইএৰ অভিযানকৰী দলে বৰাক উপত্যকাৰ উদাৰবন্দৰ পৰাও মনােজ ওৰাং নামৰ এজন সন্দেহজনক মাওবাদী সদস্যক আটক কৰে।

Leave a Comment