অসমঅসমীয়া

প্ৰেমত ব্যৰ্থ প্ৰেমিকে আঁৰিলে যুৱতীৰ আপত্তিজনক পোষ্টাৰ! অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ব্যৰ্থ প্ৰেমিকে পথৰ কাষৰ দেৱালত লগালে যুৱতীৰ আপত্তিজনক পোষ্টাৰ।

এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে কামৰুপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীপথাৰত।

জানিব পৰা মতে, বকো সমষ্টিৰ বদলাপথাৰ গাঁৱৰ ছেকান আলী নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল কালাতলীপথাৰ গাঁৱৰ এগৰাকী যুৱতীৰ। কিন্তু যুৱতীগৰাকীয়ে ভণ্ড প্ৰেমিকজনৰ আচল চৰিত্ৰ জানিব পাৰি প্ৰেমৰ সম্পৰ্ক এৰাই চলিবলৈ আৰম্ভ কৰে।

G8

যাৰ বাবে ভণ্ড প্ৰেমিক ছেকান আলীয়ে বন্ধুৰ সহায়ত মাৰ্চ মাহত আপত্তিজনক পোষ্টাৰৰ সৈতে যুৱতীগৰাকীৰ মোবাইল নম্বৰ সংলগ্ন পোষ্টাৰ কালাতলীপথাৰ বজাৰ এলেকাৰ দেৱালত লগায়।

ইয়াৰ পিছতে যুৱতীগৰাকীয়ে যোৱা ১৫ মাৰ্চত ভণ্ড প্ৰেমিক ছেকান আলীৰ লগতে মুঠ ৬ জনৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বকোৰ বদলা চ’কৰ পৰা লম্পট ছেকান আলীক আটক কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে ছেকানৰ আন ৫ জন সহযোগী এতিয়াও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5

Leave a Reply

Your email address will not be published. Required fields are marked *