অসমঅসমীয়া

বুকুত কোৰাণ লৈ ৰফিকুল ইছলামে ক’লে- মই ৰিপুণ বৰাকে ভোট দিছো

নিউজ ডেস্ক। ৰাজ্যসভা নিৰ্বাচনৰ পিছত তুংগত উঠা কংগ্ৰেছ-এআইইউডিএফৰ সংঘাতৰ মাজতে পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিতে কোৰাণ বুকুত লৈ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে ক’লে- মই ৰিপুণ বৰাকে ভোট দিছো।

উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰিপুণ বৰা পৰাস্ত হোৱাৰ পিছতে এআইইউডিএফে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

G02 1

বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই নিৰ্বাচনৰ পূৰ্বে ৰিপুণ বৰাই এআইইউডিএফক ১.৬ কোটি টকা প্ৰদান কৰা বুলি দাবী কৰাৰ পিছতে নিৰ্বাচনত বিধায়ক-ক্ৰয় বিক্ৰয়ৰ প্ৰসংগতো অধিক তীব্ৰতৰ হৈ পৰিছিল। কংগ্ৰেছে অভিযোগ কৰা অনুসৰি, এআইইউডিএফে বিজেপিৰ পৰা অধিক টকা লৈ ৰিপুণ বৰাৰ বিৰুদ্ধে ভোট দিছিল ৰাজ্যসভাৰ নিৰ্বাচনত।

এই অভিযোগ-প্ৰত্যাভিযোগৰ মাজতে দলটোৰ বিধায়ক ৰফিকুল ইছলামে হাতত কোৰাণ লৈ কয় যে তেওঁ ৰিপুণ বৰাকে ভোট দিছিল। লগতে তেওঁ কোৰাণ, বাইবেল, গীতাৰ দৰে পবিত্ৰ গ্ৰন্থৰ নামত নাটক ৰচনা নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৰিপুণ বৰাক।

এআইইউডিএফৰ বিধায়কজনে কয় যে প্ৰকৃত বিশ্বাসঘাতক সকলে এতিয়া এজন এজনকৈ কংগ্ৰেছৰ পৰা ওলাই গৈছে। এআইইউডিএফে বিশ্বাস ঘাতকতা কৰা নাই বুলিও মন্তব্য কৰে ৰফিকুল ইছলামে।

Leave a Reply

Your email address will not be published. Required fields are marked *