মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ…

অৱশেষত পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।

উল্লেখ্য যে, ফ্ল’ৰ টেষ্টৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল উদ্ধৱ থাকৰে।

কিন্তু উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে উদ্ধৱ থাকৰে।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত বিধানসভাত হ’ব ফ্ল’ৰ টেষ্ট।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ।

কিন্তু আস্থা ভোটৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে উদ্ধৱ ঠাকৰেই।

ফেচবুক লাইভৰ জৰিয়তে পদত্যাগ ঠাকৰেৰ।

উল্লেখ্য যে, কাৰাগাৰত থকা মহাৰাষ্ট্ৰৰ বিধায়ক নবাব মালিক আৰু অনিল দেশমুখে আস্থা ভোটত অংশগ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছিল।