মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ স্বামী-স্ত্ৰী…

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ এটি দম্পত্তি।

পল্টনবজাৰ আৰক্ষীৰ অভিযানত আটক হৈছে দম্পত্তিটো।

স্বামী অংকুৰজ্যোতি দাস আৰু পত্নী জ্বলি দেৱীক আটক কৰিছে আৰক্ষীয়ে।

লাচিত নগৰৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুয়োকে।

লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নিষিদ্ধ ব্ৰাউন চুগাৰ, বহু মোবাইল ফোন আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

এক গোপন খবৰ লাভ কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে আভিযান চলাই আটক কৰে দম্পত্তিকটোক।

সম্প্ৰতি দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।