মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ ইডিৰ!

গ্ৰেপ্তাৰ কৰা হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকক।

মুম্বাই আণ্ডাৰৱৰ্ল্ডৰ কাৰ্যকলাপৰ সৈতে এক মানি লণ্ডাৰিং গোচৰত বুধবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰে নৱাব মালিকক।

উল্লেখ্য যে, ৬২ বছৰীয়া এনচিপি নেতা নৱাব মালিক বুধবাৰে পুৱা ৮ বজাত বেলাৰ্ড ইষ্টেট অঞ্চলৰ ইডি কাৰ্যালয়ত উপস্থিত হয়।

FMRlU97VUAAuCLK
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ ইডিৰ! 4

তাত তেওঁক তদন্তকাৰী সংস্থাটোৱে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত জেৰা অব্যাহত ৰাখিছে।

ইফালে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী নৱাব মালিকৰ বিৰুদ্ধে ইডিয়ে চলোৱা অভিযানক লৈ ক্ষু্ব্ধ হৈ পৰিছে শিৱসেনা। দলৰ জ্যেষ্ঠ সাংসদ সঞ্জয় ৰাউতে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নৱাব মালিকক ঘৰৰ পৰা যিধৰণে তুলি নিয়া হৈছে এয়া মহাৰাষ্ট্ৰ চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান। এনে কাৰ্য কৰা ইডিৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও ভৱিষ্যতে তদন্ত কৰা হ’ব বুলি ভাবুকি দিয়ে সঞ্জয় ৰাউতে।

FMRlMV5acAA7nlE
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ ইডিৰ! 5

আনহাতে এনচিপিয়ে বুধবাৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক ধন ৰপ্তানিৰ গোচৰত ইডিয়ে প্ৰশ্ন কৰাটো ক্ষমতাৰ অপব্যৱহাৰ আৰু সাম্প্ৰতিক সময়ত একাংশ লোকৰ দুৰ্নীতি উন্মোচন কৰাৰ পিছত “কণ্ঠস্বৰ দমন” কৰাৰ এক কৌশল বুলি অভিহিত কৰে। একে সময়তে, ভাৰতীয় জনতা পাৰ্টীয়ে কয় যে ইয়াক “প্ৰতিহিংসাৰ ৰাজনীতি” বুলি কোৱাৰ পৰিৱৰ্তে, ইডিক তদন্ত সম্পূৰ্ণ কৰিবলৈ অনুমতি দিয়া উচিত।

জানিব পৰা মতে, মালিকৰ সম্পত্তি বিক্ৰী আৰু ক্ৰয়ত জড়িত থকাৰ অভিযোগ সন্দৰ্ভত সংস্থাটোৱে তদন্ত কৰি আছে, সেয়েহে তেওঁক জেৰা কৰা হৈছে।

উল্লেখ্য যে, বিগত কিছু মাহ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নৱাব মালিকে। বিশেষকৈ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ মুম্বাই অঞ্চলৰ প্ৰাক্তন সঞ্চালক সমীৰ ৱানখেডেৰ বিৰুদ্ধে ব্যক্তিগত আৰু সেৱা সম্পৰ্কীয় অভিযোগ উত্থাপন কৰি চৰ্চালৈ আহিছিল নৱাব মালিক। ইফালে তেওঁৰ জোঁৱাই সমীৰ খানকো যোৱা বছৰ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে।

FMRcW1WaMAAznoG
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ ইডিৰ! 6

প্ৰণিধানযোগ্য যে, ইডিয়ে ১৫ ফেব্ৰুৱাৰীত আণ্ডাৰৱৰ্ল্ডৰ কাৰ্যকলাপ, সম্পত্তিৰ অবৈধ বিক্ৰী আৰু হাৱালা লেনদেনৰ সন্দৰ্ভত এটা নতুন গোচৰ ৰুজু কৰি মুম্বাইৰ বিভিন্ন প্ৰান্তত অভিযান চলায়। এই গোচৰতে মালিককো সোধা-পোছা কৰা হৈছে।

সংস্থাটোৱে দাউদ ইব্ৰাহিমৰ প্ৰয়াত ভগ্নী হাছিনা পাৰ্কাৰ, ভাতৃ ইকবাল কাস্কৰ আৰু ১৯৯৩ চনৰ বোমা বিস্ফোৰণৰ মূল ষড়যন্ত্ৰকাৰী ছোটা চাকিলৰ আত্মীয় চেলিম কুৰেছি ওৰফে চেলিম ফ্ৰুটৰ বাসগৃহকে ধৰি ১০টা স্থানত তালাচী চলায়। আনহাতে ইডিয়ে যোৱা সপ্তাহত গ্ৰেপ্তাৰ কৰা ইকবাল কাস্কৰ বৰ্তমান কাৰাবন্দী হৈ আছে। ইডিয়ে পাৰ্কাৰৰ পুত্ৰকো সোধা-পোছা চলায়।

নৱাব মালিকক গ্ৰেপ্তাৰৰ পিছতে এনচিপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰ্ৰৰ বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

এনচিপিৰ মহাৰাষ্ট্ৰ গোটৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী জয়ন্ত পাটিলে কয়, “ইডিয়ে জাননী জাৰি নকৰাকৈ পুৱা ৬ বজাত মালিকৰ ঘৰত উপস্থিত হৈছিল। ইডিয়ে কোনো আগতীয়া জাননী অবিহনে এজন ৰাজ্যিক মন্ত্ৰীক সোধা-পোছাৰ বাবে লৈ যোৱাটো নিয়মৰ উলংঘন।” বিজেপিৰ আশীষপুষ্ট একাংশ লোকৰ মুখা খোলাৰ বাবেই এতিয়া নৱাব মালিকৰ বিৰুদ্ধে প্ৰতিশোধমূলক ভাৱে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও অভিযোগ কৰে জয়ন্ত পাটিলে।

Leave a Comment