আন্তঃৰাষ্ট্ৰীয়অসমীয়া

তাঞ্জানিয়াৰ ইণ্টাৰনেট ষ্টাৰ কিলি পলক সম্বৰ্ধনা ভাৰতীয় উচ্চায়োগৰ

ভাষাৰ পৰিধি ভাঙি সুদূৰ তাঞ্জানিয়াত হিন্দী গীতত নিখুঁট অভিনয় কৰি লাখ লাখ অনুৰাগীৰ মাজত নিগাজি ঠাই দখল কৰা ইণ্টাৰনেট ষ্টাৰ কিলি পলক সোমবাৰে পূব আফ্ৰিকাৰ দেশত ভাৰতীয় উচ্চায়োগে সন্মানিত কৰে।

ভাৰতীয় ভাইৰেল গীতত নিখুঁট লিপ-চিংক কৰাৰ লগতে স্থানীয় বেশ ভূষা আৰু সৰল আচৰণৰ বাবে ইণ্টাৰনেটত জনপ্ৰিয় হৈ পৰিছিল কিলি পল আৰু তেওঁৰ ভগ্নী।

তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্ত বিনায়া প্ৰধানে পলক সম্বৰ্ধনা জনোৱাৰ পিছত তেওঁ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে।

ইনষ্টাগ্ৰামত পলে লিখিছে, “তাঞ্জানিয়াত ভাৰতৰ উচ্চায়ুক্তৰ দ্বাৰা সন্মানিত হৈ মই বহুত সুখী। মোক ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ। মোৰ ভাৰতীয় সমৰ্থক অবিহনে মই এই সন্মান লাভ নকৰিলোঁহেঁতেন। জয় হিন্দ।”

উল্লেখ্য যে, পল আৰু তেওঁৰ ভগ্নী নীমাই ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ মাজত এক বিশেষ স্থান অৰ্জন কৰিছে।

যোৱা নৱেম্বৰত ইণ্টাৰনেটত ভাইৰেল হৈ পৰা কিলি পলে ভাইৰেল বেংগলী গীত ‘কাচা বাদাম”ৰ পৰা জুবিন নটিয়ালৰ “ৰাতা লম্বিয়া”লৈ প্ৰায়বোৰ জনপ্ৰিয় ভাৰতীয় গীততে অভিনয় কৰিছে।

লগতে চাওকঃ

সততা! ৭ লক্ষাধিক টকাৰ গহণাভৰ্তি বেগ বাটত পাই আৰক্ষীক গতালে কিশোৰীয়ে, কৰা হ’ল সন্মানিত

G04 5

Leave a Reply

Your email address will not be published. Required fields are marked *