পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু।
তামুলপুৰৰ এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যু হৈছে তামিলনাডুৰ চেন্নাইত৷
তামুলপুৰৰ যুৱকজনৰ নাম প্ৰাঞ্জল দাস৷
ইতিমধ্যে পৰিয়ালৰ লোকে যুৱকজনক হত্যা কৰাৰ বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীৰ কাষ চাপিছে।
জানিব পৰা মতে, বিগত চাৰিবছৰ পূৰ্ৱে কৰ্মসংস্থাপন বিচাৰি প্ৰাঞ্জল দাসে গৈছিল চেন্নাইলৈ৷ আৰু চেন্নাইৰ এটি কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল প্ৰাঞ্জল দাস৷
কিন্তু হঠাতে ২১ ফেব্ৰুৱাৰীৰ দিনা প্ৰাঞ্জল দাসৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে৷
সতীৰ্থ যুৱকে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷
ইতিমধ্যেই চেন্নাইৰ GUINDY থানাত যুৱকজনৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে৷
যুৱকজনৰ পৰিয়ালে শীঘ্ৰে উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে৷









