মহাবিস্ফোৰণ! সঁচাকৈয়ে অসম আৰক্ষীৰ গুপ্তচৰ নেকি সঞ্জীৱ শৰ্মা?

নিউজ ডেস্ক। চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি আলোচনাক লৈ এক সম্ভাৱনাৰ বাট মুকলি হোৱাৰ সময়তে পোহৰলৈ আহিল এক বিস্ফোৰক ভিডিঅ’।

আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ই এতিয়া সৃষ্টি কৰিছে খলকনিৰ। নিজকে অসম আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰা সঞ্জীৱ শৰ্মা নামৰ এজন যুৱকৰ এটা ভিডিঅ’ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পিছতে চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি আলোচনাত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে।

কোন এই সঞ্জীৱ শৰ্মা?

আলফাৰ শিৱিৰত ধৰা পৰা অসম আৰক্ষীৰ গুপ্তচৰ বুলি কোৱা সঞ্জীৱ শৰ্মাৰ ঘৰ গুৱাহাটীৰ সমীপৱৰ্তী বাইহাটা চাৰিআলিৰ মুক্তাপুৰত। অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা সঞ্জীৱ শৰ্মাৰ পিতৃয়ে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। যোৱা প্ৰায় ডেৰ বছৰৰো অধিক কাল ঘৰৰ সৈতে যোগাযোগ নাছিল সঞ্জীৱ শৰ্মাৰ।

মাজতে তেওঁ দুই এবাৰ ঘৰলৈ আহিছিল যদিও কামাখ্যাত পাণ্ডাৰ সৈতে কাম কৰা বুলি তেওঁ পৰিয়ালক জনাইছিল। অৱশ্যে সঞ্জীৱ শৰ্মাই প্ৰকৃততে কি কৰিছিল, সেয়া পৰিয়ালেও নাজানিছিল।

G2 32
মহাবিস্ফোৰণ! সঁচাকৈয়ে অসম আৰক্ষীৰ গুপ্তচৰ নেকি সঞ্জীৱ শৰ্মা? 3

কেনেকৈ অসম আৰক্ষীৰ গুপ্তচৰ হ’ল সঞ্জীৱ?

আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই কোৱা মতে, তেওঁৰ সম্বন্ধীয় ককায়েক অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি কৈছিল অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

আৰু তাৰ পিছতে আলফাৰ ওপৰত প্ৰতিশোধ ল’বলৈ সঞ্জীৱ শৰ্মাক আলফাত যোগদানৰ বাবে কৈছিল পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া নামৰ এগৰাকী সেনা বিষয়াই।

সঞ্জীৱৰ মতে, পেৰা কমাণ্ডোত কৰ্মৰত তেওঁৰ সম্বন্ধীয় ককায়েক অপূৰ্ব কুমাৰ শৰ্মাক মণিপুৰৰ এম্বুছত হত্যা কৰিছিল আলফা স্বাধীনে। তাৰ প্ৰতিশোধ ল’বলৈ আৰু আলফাৰ গোপন খবৰ আৰক্ষীক যোগান ধৰিবলৈ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই তেওঁক মিছনৰ দায়িত্ব দিছিল।

সেই মিছন পূৰণ কৰিবলৈ তেওঁ যোগ দিছিল আলফা স্বাধীনত। সঞ্জীৱ শৰ্মাৰ উপৰিও আন কেইবাজনো যুৱক-যুৱতীক গুপ্তচৰ হিচাৰে আলফালৈ প্ৰেৰণ কৰা বুলিও দাবী কেৰ সঞ্জীৱ শৰ্মাই।

পূৰ্বেও আৰক্ষীৰ হৈ কেইবাটাও অভিযান চলাইছিল সঞ্জীৱে

ভিডিঅ’টোত সঞ্জীৱৰ মুখৰ ভাষ্য অনুসৰি, আলফা স্বাধীনলৈ যোৱাৰ পূৰ্বে সৰু সুৰা কেইবাটাও অভিযান সম্পূৰ্ণ কৰিছিল তেওঁ আৰু আন কেইজনমান অসমীয়া যুৱকে। যিবোৰ অভিযান আৰক্ষীয়ে চলাব নোৱাৰে, সেইবোৰ অভিযান গোপনে চলাবলৈ ধন প্ৰদান কৰিছিল আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

পূৰ্বে এজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰাৰ লগতে ধৰ্ষণকাণ্ডত অভিযুক্ত নলবাৰীৰ এজন শিক্ষকক কৰায়ত্ব কৰাত আৰক্ষত সহায় কৰিছিল সঞ্জীৱে। তাৰ বাবে তেওঁক ক্ৰমে ১০ হাজাৰ আৰু ২০ হাজাৰ টকা প্ৰদান কৰিছিল যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

ভাতৃৰ পৰা লাভ কৰিছিল অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ

উল্লেখ্য যে, প্ৰাপ্ত তথ্য অনুসৰি, পেৰা কমাণ্ডো শ্বহীদ অপূৰ্ব কুমাৰ শৰ্মা হৈছে সঞ্জীৱ শৰ্মাৰ পেহীয়েকৰ ল’ৰা। অপূৰ্ব শৰ্মাই জীয়াই থকা সময়তে সঞ্জীৱ শৰ্মাৰ লগতে আন কেইবাজনো যুৱকক আত্মৰক্ষাৰ লগতে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল বুলি মন্তব্য কৰে আলফাৰ হাতত বন্দী সঞ্জীৱ শৰ্মাই।

তেওঁ লগতে দাবী কৰা মতে, প্ৰায় ৪ বছৰ পূৰ্বৰে পৰাই পাৰ্থসাৰথি মহন্তৰ সৈতে আছে তেওঁৰ ভাল সম্পৰ্ক। সমান্তৰলভাৱে ধুনুমণি শইকীয়া নামৰ যোৰহাটৰ নিৱাসী সেনা বিষয়াগৰাকীৰ লগতো তেওঁৰ দীৰ্ঘসময়ৰ পৰা ভাল সম্পৰ্ক আছে। সেনা আৰু আৰক্ষীৰ এই দুয়োগৰাকী বিষয়ায়েই তেওঁক বিভিন্ন মিছন প্ৰদান কৰি আহিছিল। আলফা স্বাধীনত যোগদানৰ বাবেও দুয়োগৰাকীয়েই প্ৰেৰিত কৰিছিল সঞ্জীৱ শৰ্মাক।

আলফাত কি কাম আছিল গুপ্তচৰ সঞ্জীৱৰ?

ভিডিঅ’ৰ স্বীকাৰোক্তি অনুসৰি, আলফাত যোগদানৰ পিছত তেওঁৰ ভাতৃৰ হত্যাত জড়িত আলফাৰ জ্যেষ্ঠ বিষয়াক হত্যা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সঞ্জীৱক। তদুপৰি আলফাৰ শিৱিৰ আৰু গোপন খবৰ যুটীয়া আৰক্ষী আয়ুক্তক প্ৰদান কৰিবলৈও প্ৰেৰণ কৰা হৈছিল সঞ্জীৱক। আনহাতে বোমা বিস্ফোৰণো পৰিকল্পনা কৰিছিল সঞ্জীৱে।

সঞ্জীৱৰ সহায়ৰ বাবে ২০২৩ৰ ভিতৰত আন কেইবাজনো যুৱক-যুৱতীক গুপ্তচৰৰূপে আলফালৈ প্ৰেৰণ কৰা হ’ব বুলি পাৰ্থসাৰথি মহন্তই কৈছিল বুলি ভিডিঅ’ত স্বীকাৰ কৰে সঞ্জীৱ শৰ্মাই। আৰু এই তথ্যৰ ভিত্তিতে ২০২৩ত আলফাৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা হৈছিল বুলিও আলফাৰ ওচৰত বন্দী সঞ্জীৱে কয়।

এই অভিযান সম্পূৰ্ণ হ’লে ১ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই দিয়া বুলি মন্তব্য কৰে গুপ্তচৰ সঞ্জীৱ শৰ্মাই।

লক্ষণীয়ভাৱে শান্তি আলোচনাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যথেষ্ট আশাবাদী আছিল আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত এই কথা তেওঁ স্পষ্টভাৱেই কৈছিল।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আলোচনাৰ পোষকতা কৰা দেখা গৈছিল। পলম হ’লেও এদিন আলফা-চৰকাৰৰ শান্তি আলোচনা সম্ভৱ হ’ব বুলি আশা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীয়েও। কিন্তু আলোচনাৰ বাট প্ৰশস্ত হৈ উঠাৰ সময়তে আলফা স্বাধীনলৈ অসম আৰক্ষীৰ গুপ্তচৰ প্ৰেৰণৰ বিষয় আৰু ভিডিঅ’ই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰকাৰী সমৰ্থনত অসম আৰক্ষীয়ে আলফালৈ গুপ্তচৰ প্ৰেৰণ কৰিছিল নে শান্তি আলোচনা নিবিচৰা কোনো চক্ৰই ষড়যন্ত্ৰমূলকভাৱে এই কাৰ্য সংঘটিত কৰিছে, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

বন্দী সঞ্জীৱ শৰ্মাই উল্লেখ কৰা ধৰণে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু এতিয়াও স্পষ্ট নোহোৱা ধুনুমনি শইকীয়া নামৰ সেনা বিষয়া গৰাকী সঁচাকৈয়ে এই কাৰ্যত জড়িত আছে নেকি, তাক লৈও প্ৰশ্নৰ উদয় হোৱাটো স্বাভাৱিক। কিন্তু সমগ্ৰ বিষয়টোৰ সঠিক তদন্ত নিতান্তই জৰুৰী।

লগতে চাওকঃ

কিয় কেৱল মোৰ নাম ল’লে সেইটো অথৰিটীয়ে তদন্ত কৰিবঃ আলফা(স্বাঃ)ত চোৰাংচোৱা সন্দৰ্ভত পাৰ্থসাৰথি মহন্ত

G8 3
মহাবিস্ফোৰণ! সঁচাকৈয়ে অসম আৰক্ষীৰ গুপ্তচৰ নেকি সঞ্জীৱ শৰ্মা? 4

Leave a Comment