আন্তঃৰাষ্ট্ৰীয়অসমীয়া

কেনেকৈ, কিয় এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ?

নিউজ ডেস্ক। অৱশেষত এলন মাস্কৰ হাতলৈ গ’ল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ।

সোমবাৰে টুইটাৰ আৰু এলন মাস্কৰ মাজত হোৱা এক বৈঠকৰ অন্তত টুইটাৰৰ মালিকীসত্ব ক্ৰয় কৰিলে এলন মাস্কে।

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিগৰাকীয়ে টুইটাৰৰ ইণ্ডিপেনডেন্ট বোৰ্ডৰ চেয়াৰমেন ব্ৰেট টেলৰ সৈতে হোৱা চুক্তিত ৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত ক্ৰয় কৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো।

G4 19

উল্লেখ্য যে, টুইটাৰৰ বিনিময়ত এলন মাস্কে ভাৰতীয় মূল্যত প্ৰদান কৰে প্ৰায় ৩,৩৬,৯২৭ কোটি টকা।

এই চুক্তি সম্পূৰ্ণ হোৱাৰ পিছতে এটা টুইট কৰি এলন মাস্কে কয়, ”মই আশা কৰো মোৰ সবাতোকৈ ডাঙৰ সমালোচক সকলো টুইটাৰত থাকিব। কিয়নো মুক্ত ঠাইৰ অৰ্থ এয়াই।’’

প্ৰণিধানযোগ্য যে, এলন মাস্ক এনে এজন টুইটাৰ ব্যৱহাৰকাৰী আছিল, যিয়ে টুইট কৰিবলৈ টুইটাৰ কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল’বলগীয়া হৈছিল। ইয়াৰ মুখ্যতঃ কাৰণ আছিল মাস্কৰ টুইটৰ প্ৰভাৱ। তেওঁৰ এটা টুইটে শ্বেয়াৰ মাৰ্কেটত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে টুইটাৰ কৰ্তৃপক্ষই এলন মাস্কৰ টুইটৰ ওপৰত যথেষ্ট নজৰ ৰাখিছিল।

আনহাতে এলন মাস্কে পূৰ্বে টুইটাৰৰ প্ৰায় ৭ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছিল যদিও সামাজিক প্লেটফৰ্মটোৰ সম্পূৰ্ণ মালিকীস্বত্ব লাভ কৰাটোৱেই আছিল তেওঁৰ প্ৰধান লক্ষ্য।

আনকি টুইটাৰ ক্ৰয় কৰিবলৈ তেওঁ টেছলা কোম্পানীয় শ্বেয়াৰ পৰ্যন্ত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।

কিন্তু টুইটাৰ বোৰ্ড আৰু অন্যান্য প্ৰভাৱশালীৰ হাজাৰ বিৰোধৰ পিছতো অৱশেষত এলন মাস্কে টুইটাৰ ক্ৰয় কৰিবলৈ সক্ষম হয়।

বাতৰি অনুসৰি, এলন মাল্কে টুইটাৰ ক্ৰয় কৰিবলৈ ১৩ বিলিনয় বেংক লোন লোৱাৰ বিপৰীতে টেছলাৰ ষ্টকৰ বিনিময়ত ১২.৫ বিলিয়ন লোন লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *