কিয় কেৱল মোৰ নাম ল’লে সেইটো অথৰিটীয়ে তদন্ত কৰিবঃ আলফা(স্বাঃ)ত চোৰাংচোৱা সন্দৰ্ভত পাৰ্থসাৰথি মহন্ত

চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি আলোচনাক লৈ এক সম্ভাৱনাৰ বাট মুকলি হোৱাৰ সময়তে পোহৰলৈ আহিল এক বিস্ফোৰক ভিডিঅ’।

আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ই এতিয়া সৃষ্টি কৰিছে খলকনিৰ।

নিজকে অসম আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰা সঞ্জীৱ শৰ্মা নামৰ এজন যুৱকৰ এটা ভিডিঅ’ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পিছতে চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি আলোচনাত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে।

G8 3
কিয় কেৱল মোৰ নাম ল'লে সেইটো অথৰিটীয়ে তদন্ত কৰিবঃ আলফা(স্বাঃ)ত চোৰাংচোৱা সন্দৰ্ভত পাৰ্থসাৰথি মহন্ত 2

আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই কোৱা মতে, তেওঁৰ সম্বন্ধীয় ককায়েক অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি কৈছিল অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

আৰু তাৰ পিছতে আলফাৰ ওপৰত প্ৰতিশোধ ল’বলৈ সঞ্জীৱ শৰ্মাক আলফাত যোগদানৰ বাবে কৈছিল পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া নামৰ এগৰাকী সেনা বিষয়াই।

এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই।

তেওঁ কয়- ‘সঞ্জীৱ শৰ্মাই মোৰ নাম কিয় লৈছে মই নাজানো। এই বিষয়ক লৈ মই একো নকওঁ। এইটো গুৱাহাটী আৰক্ষীৰ লগত জড়িত নহয়। মই হলো মহানগৰ আৰক্ষীৰ বিষয়া। ইয়াৰ লগত অসম আৰক্ষীৰ কথা জড়িত হৈ আছে।’

তেওঁ কয়- আমাৰ চাকৰিত আমি বহুত মানুহ লগ পাও, বহুত মানুহৰ লগত আমি কাম কৰিব লগীয়া হয়। কিন্তু প্ৰত্যেকজন মানুহ মনত নাথাকে। কিয় কেৱল মোৰ নাম ল’লে সেইটো অথৰিটীয়ে তদন্ত কৰিব।’

Leave a Comment