ৰাষ্ট্ৰীয়অসমীয়া

মহাবিদ্যালয়ত পাঠদানৰ মাজতে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে বাঘ! তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। দৃশ্যটো এখন মহাবিদ্যালয়ৰ। য’ত সেই সময়ত মহাবিদ্যালয়ত ক্লাছ চলি আছিল। অধ্যয়নত মনোনিবেশ কৰিছিল শিক্ষাৰ্থীসকলে।

তেতিয়াই হঠাতে এটা নাহৰফুটুকী বাঘ প্ৰৱেশ কৰিছিল শ্ৰেণীকোঠাত। লগে লগে শ্ৰেণীকোঠাত সৃষ্টি হয় এক আতংকৰ পৰিৱেশ।

বাঘটো এজন ছাত্ৰৰ ওপৰত জঁপিয়াই পৰে। সেয়েহে শিক্ষাৰ্থীসকল আতংকিত হৈ বাহিৰলৈ ওলাই আহে।

ইয়াৰ পিছতেই বাঘটো অকলে অকলে ঘূৰি ফুৰে শ্ৰেণীকোঠাৰ চাৰিওফালে।

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আলিগড়ৰ নিহাল সিং ইণ্টাৰ কলেজত। যিটো দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, তেতিয়া কলেজত শ্ৰেণী আৰম্ভ হৈছিল। গোটেই মহাবিদ্যালয়খন ছাত্ৰ-ছাত্ৰীৰে ভৰি আছিল।

সেই সময়ত নাহৰফুটুকী বাঘটোৱে হঠাতে অভিযান চলাইছিল। কিছু সময় বিদ্যালয়ৰ চৌহদত ঘূৰি ফুৰাৰ পিছত বাঘটো এটা শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল।

গোটেই বিদ্যালয় চৌহদটোত যথেষ্ট আতংকৰ সৃষ্টি হৈছিল। শিক্ষাৰ্থীসকলে দৌৰিবলৈ আৰম্ভ কৰিছিল।

বাহিৰলৈ ওলাই আহোঁতে এজন শিক্ষাৰ্থী বাঘটোৰ সন্মুখত পৰিছিল। নাহৰফুটুকী বাঘটোৱে তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল।

ছাত্ৰজনে দাঁত আৰু নখত আঘাত পাইছিল। নাহৰফুটুকী বাঘটোৱে তেতিয়া কিছু সময়ৰ বাবে শ্ৰেণীকোঠাত টহল দিছিল।

মহাবিদ্যালয়খনৰ অধ্যক্ষই কয় যে, এজন শিক্ষাৰ্থী আহত হৈছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

উল্লেখ্য যে মহাবিদ্যালয় কৰ্তৃপক্ষই বহুতো কাৰ্যকলাপ আৰু উপস্থিত বুদ্ধিৰে নাহৰফুটুকী বাঘটোক এটা কোঠাত বন্দী কৰি ৰাখিছিল।

তেওঁলোকে বন বিভাগক খবৰ দিছিল। খবৰ পোৱাৰ পিছতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় চাৰি ঘণ্টাৰ দীঘলীয়া অভিযানৰ অন্তত নাহৰফুটুকী বাঘটো বন্দী কৰে।

অভিযানটো চলাবলৈ বন বিভাগে নিৰাপত্তা জাল, এটা ট্ৰেপ কেজ আৰু সুৰক্ষা মূলক সঁজুলি ব্যৱহাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *