ছুটি লৈ ঘৰলৈ বুলি আহোঁতেই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে CRPF কৰণী ৰঞ্জন বৰাই…

ছুটি লৈ ঘৰলৈ বুলি আহোঁতেই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী CRPF জোৱানে।

বাহনসহ উফৰি গৈ নৈত পৰি অকাল মৃত্যুক সাৱটিলে CRPF জোৱান কৰণী ৰঞ্জন বৰাই।

ডিব্ৰুগড় জিলাৰ চেচাঁ নৈত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

৩ ডিচেম্বৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

768-512-13802546-thumbnail-3x2-t-copy

ঘন কুৱঁলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় লোকৰ।

লগতে দুৰ্ঘটনাৰ সময়ত বাহনখনৰ গতি বেগ অতি তীব্ৰ গতিত থকাৰো সন্দেহ। যাৰ ফলত ৰাজপথৰ পৰা উফৰি গৈ নদীত পৰে বাহনখন।

জিলাখনৰ লেজাই বৰদৈবামত সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কৰ্তব্যস্থলীৰ পৰা ছুটি লৈ বাসগৃহলৈ বুলি আহি আছিল CRPF জোৱান কৰণী ৰঞ্জন বৰা।

a-moran-803to805-terribleroadaccidentatdibrugarh-as10031-03122021075844-0312f-1638498524-697

বৰ্তমানে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

নাহৰফুটুকী বাঘক খেদি নি পুত্ৰৰ জীৱন ৰক্ষা কৰিলে মাতৃয়ে

Leave a Comment