অসমীয়াঅসম

মহানগৰীৰ পৰা চুৰি হোৱা ১০ লক্ষাধিক মূল্যৰ ৭৯টা মোবাইল ফোনসহ ৩ চোৰক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ মহানগৰীৰ বিভিন্ন প্ৰান্তত মোবাইল চুৰি কৰি বিক্ৰী কৰা এটা বৃহৎ চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় ভগদত্তপুৰ আৰক্ষীয়ে।

আৰক্ষীয়ে ৰামদিয়াৰ গাঁওবুঢ়া পাম চৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই প্ৰায় ১০ লাখ টকা মূল্যৰ ৭৯টা এন্ড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে চুৰি চক্ৰটোৰ সৈতে জড়িত মহিলা সহ তিনিটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

mobile suri

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত মহিলাগৰাকীৰ নেতৃত্বতে মোবাইল চুৰি চক্ৰটোৱে বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি অবৈধভাৱে বিক্ৰী কৰি আহিছিল। ধৃত দুটা চোৰক আব্বাচ আলী আৰু বেদেনউদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে।

শেহতীয়াকৈ এই চুৰি চক্ৰটোৱে যোৱা ১১ এপ্ৰিলত কাহিলীপাৰাৰ জনকপুৰৰ গুম্বী ছফ্টৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চৰকাৰী বিদ্যালয়লৈ অনুমোদিত ১২১ টা মোবাইল ফোন চুৰি কৰিছিল।

ইয়াৰ পিছতে ভগদত্তপুৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাই অৱশেষত চুৰি হোৱা নকিয়া চি০১ চিৰিজৰ ৭৯টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *