অসমীয়াৰাষ্ট্ৰীয়

মন্দিৰৰ ৰথযাত্ৰাৰ সময়ত ভয়ংকৰ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ শিশুসহ ১১ জনৰ মৃত্যু

নিউজ ডেস্কঃ বুধবাৰে পুৱা তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথ যাত্ৰাৰ শোভাযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ দুটি শিশুসহ কমেও ১১ জন লোক নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ভক্ত সকলে মন্দিৰৰ পালকুইনত থিয় হৈ থকাৰ সময়তে পালকুইন কালিমেডুৰ ওপৰৰ মন্দিৰত এটা হাই-ট্ৰেন্সমিচন লাইনৰ সংস্পৰ্শলৈ আহে। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

rath yatra

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এগৰাকী আৰক্ষী বিষয়াই কয় যে নিহতসকলৰ ভিতৰত দুটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আনহাতে গুৰুতৰভাৱে দগ্ধ হোৱা ৩ জনসহ মুঠ ১৫ জন লোকক চিকিৎসাৰ বাবে থাঞ্জাভুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

1 hj

তিৰুচিৰাপল্লীৰ কেন্দ্ৰীয় অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক ভি বালাকৃষ্ণনে জানিবলৈ দিয়া মতে, এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত চলাই থকা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে তামিলনাডুৰ ঘটনাত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। নিহত সকলক পৰিয়াললৈ আৰ্থিক সাহায্যও ঘোষণা কৰে প্রধানমন্ত্ৰী মোডীয়ে।

tamilnadu accident..

উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে। য’ত স্পষ্টকৈ দেখা গৈছে যে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত ৰথখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *