বৰপেটাত টেম্প’ আৰু ট্ৰাকৰ সংঘৰ্ষ, দুজনৰ মৃত্যু, আহত ৭জন

নিউজ ডেস্কঃ বৰপেটাৰ মুছলিমপট্টিত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীবাহী টেম্প’ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হ’ল দুজন লোকৰ।

মুছলিমপট্টিৰ চাউলখোৱা দলঙৰ ওপৰত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত হৈছে ৭ জনকৈ লোক।

barpeta accident
বৰপেটাত টেম্প’ আৰু ট্ৰাকৰ সংঘৰ্ষ, দুজনৰ মৃত্যু, আহত ৭জন 2

নিহত দুজনক বৰপেটাৰ নগাঁৱৰ আবুল আৰু পাটবাউসীৰ ইনজামুমুল বুলি চিনাক্ত কৰা হৈছে। ইফালে আহত সকলক উদ্ধাৰ কৰি বৰপেটা চিকিৎসা মহিবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি বৰপেটা ৰে’ল ষ্টেছনৰ পৰা বহৰিলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

Leave a Comment