মহানগৰীৰ চিটি বাছত শীঘ্ৰে প্ৰয়োজ্য কৰা হ’ব ই-টিকটৰ ব্যৱস্থা

নিউজ ডেস্কঃ অতি শীঘ্ৰে গুৱাহাটী মহানগৰত চলা চিটি বাছত প্ৰয়োগ কৰা হ’ব ই-টিকটৰ ব্যৱস্থা। শুকুৰবাৰে কামৰূপ নগৰ জিলা আঞ্চলিক পৰিবহন কৰ্তৃপক্ষৰ এখন বৈঠকত আলোচনা কৰা হয় এনে কিছু সিদ্ধান্তৰ বিষয়ে।

জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত কামৰূপ মহানগৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ বিষয়া, অংশীদাৰ আৰু পৰিবহণ সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকত চিটি বাছ আৰু কেব এগ্ৰিগেটৰৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

এই বৈঠকতে মহানগৰীৰ বিভিন্ন পথত চলা চিটি বাছৰ ভাড়া, ই-টিকট ব্যৱস্থা, স্কুল বাছৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা সঠিকভাৱে প্ৰযোজ্য কৰা, ওলা উবেৰ আদি বাণিজ্যিক বাহনৰ ভাড়া নিৰ্ধাৰণ কৰা আদি বিষয়াৰ ওপৰত আলোচনা কৰা হয়।

তদুপৰি শেহতীয়াকৈ ওলা, উবেৰ আদিত যাত্ৰীৰ সৈতে ঘটা অসদাচৰণ আৰু হাৰাশাস্তি আদি বন্ধ কৰাৰ লগতে পাথৰকুৱৰীৰ আমছিং, যোৰাবাটৰ পৰা ডিগাৰু-সোনাপুৰ আৰু পাথৰকুৱৰীৰ পৰা আজাৰাৰ সন্ধিয়া বজাৰলৈ মেট্ৰ’ শ্বেয়াৰ টেক্সি চালনৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

আনহাতে চিটি বাছ ষ্টপেজ সমূহত ষ্টপেজৰ নাম প্লেট স্থাপনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিতংভাৱে আলোচনা কৰি বিষয়সমূহ ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়।