অসমীয়াঅসম

এইমছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কাৰ্বি আংলঙৰ প্ৰথমগৰাকী চিকিৎসকৰূপে পৰিগণিত হ’ল প্ৰিয়ংকা বৰুৱা

নিউজ ডেস্কঃ এইমছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰিয়াল তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল ডকমকাৰ প্ৰিয়ংকা বৰুৱাই।

কাৰ্বি আংলং জিলাৰ ডকমকাৰ নিৱাসী প্ৰয়াত প্ৰদীপ বৰুৱা আৰু হিৰণ বৰুৱাৰ একমাত্ৰ কন্যা প্ৰিয়ংকা বৰুৱাই এইমছৰ পৰা Aneshesiology & Critical Care and Medicine স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পাহাৰীয়া জিলাখনৰ প্ৰথমগৰাকী চিকিৎসক হিচাপে খ্যাতি অৰ্জন কৰে।

photo1657358155

উল্লেখ্য যে, ১৯৯১ চনৰ ২২ আগষ্টত জন্মগ্ৰহণ কৰা প্ৰিয়ংকাই স্থানীয় খ্ৰীষ্টজ্যোতি ইংলিছ স্কুলৰ পৰা ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁৱৰ ৰামানুজন কলেজত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।

1

তাৰ পিছতে প্ৰিয়ংকাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২০১৬ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰি এবছৰ ধেণ্টাঘাট প্রাথমিক স্বাস্থ্য কেন্দ্ৰত বাধ্যতামূলক চিকিৎসা সেৱা আগবঢ়ায়।

পৰৱৰ্তী সময়ত তেওঁ এইমছত পঢ়াৰ সুযোগ লাভ কৰে আৰু চলিত মাহৰ ১ তাৰিখে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

লগতে চাওকঃ

ৰাজপথত হঠাৎ বুলেট বাইকত উঠি আৱিৰ্ভাৱ হৰ-পাৰ্বতীৰ! “মহাদেৱ”ক আটক আৰক্ষীৰ

mahadev on road