শিলচৰৰ পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি পলায়ন ৫ শৰণাৰ্থী ৰোহিংগীয়া শিশুৰ…

নিউজ ডেস্কঃ কাছাৰ জিলাৰ শিলচৰস্থিত এটা পৰ্যবেক্ষণ গৃহৰ পৰা পলায়ন ৫ ৰোহিংগীয়া শৰণাৰ্থী শিশু। জানিব পৰা মতে, মেহেৰপুৰস্থিত পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি দুটি স্থানীয় শিশুসহ পলায়ন কৰে ৰোহিংগীয়া শিশু ৫টিয়ে।

জানিব পৰা মতে, এই ঘটনা যোৱা ১ জুলাইতে সংঘটিত হয় যদিও শুকুৰবাৰেহে পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

photo1657357295
শিলচৰৰ পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি পলায়ন ৫ শৰণাৰ্থী ৰোহিংগীয়া শিশুৰ… 4

প্ৰণিধানযোগ্য যে, যোৱা ২৯ মে’ত শিলচৰ আৰক্ষীয়ে ৮গৰাকী মহিলা, ৬গৰাকী পুৰুষ আৰু ১২টা শিশুসহ ২৬জন ৰোহিংগীয়াক আটক কৰিছিল।

photo1657357310
শিলচৰৰ পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি পলায়ন ৫ শৰণাৰ্থী ৰোহিংগীয়া শিশুৰ… 5

দলটোৱে যোৱা ২৮ মে’ত দিল্লীৰ পৰা ৰে’লযোগে গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈ দুখন ইনোভা গাড়ীৰে স্থলপথেৰে শিলচৰলৈ যাত্ৰা কৰিছিল আৰু পিছদিনা পুৱাৰ ভাগত শিলচৰত উপস্থিত হৈছিল।

photo1657357322
শিলচৰৰ পৰ্যবেক্ষণ গৃহৰ দেৱাল ভাঙি পলায়ন ৫ শৰণাৰ্থী ৰোহিংগীয়া শিশুৰ… 6

২৬ গৰাকী ৰোহিংগীয়াৰ ভিতৰত আৰক্ষীয়ে শিশু কেইটিক পৰ্যবেক্ষণ গৃহত আৰু বাকীসকলক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল। কিন্তু শিশু কেইটিয়ে কিদৰে পৰ্যবেক্ষণ গৃহৰ নিৰাপত্তা ভেদি পলায়ন কৰিবলৈ সক্ষম হ’ল, তাক লৈ প্ৰশ্নৰ উদয় হৈছে।