মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! গুৰুতৰভাৱে আহত CIDৰ সঞ্চালকপ্ৰধান, পত্নীৰ মৃত্যু

নিউজ ডেস্কঃ ৰাজস্থানত মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ’ল তেলেংগানাৰ চিআইডিৰ সঞ্চালক প্ৰধানৰ পত্নীৰ।

দুৰ্ঘটনাত চিআইডিৰ সঞ্চালক প্ৰধানগৰাকীসহ আন ৩ জনো গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত পিছত আহত সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, সোমবাৰে তেলেংগানাৰ চিআইডিৰ সঞ্চালকপ্ৰধান গোবিন্দ সিং, তেওঁৰ পত্নী শীলা সিং, এজন সহায়ক আৰু চালকজনে এছইউভি বাহনেৰে জয়ছলমেৰ জিলাৰ তনোট মাতা মন্দিৰ দৰ্শন কৰি উভতিছিল।

seela
মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! গুৰুতৰভাৱে আহত CIDৰ সঞ্চালকপ্ৰধান, পত্নীৰ মৃত্যু 2

তেওঁলোকে তেওঁলোকে তনোট-ৰামগড় পথেৰে আহি থকা সময়তে ৰামগড়ৰ সমীপত তেওঁলোকৰ গাড়ীৰ এটা টায়াৰ বিস্ফোৰণ ঘটি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

যাৰ ফলত বাহনখন পথৰ ওপৰতে লুটি খাই পৰাত চিআইডিৰ সঞ্চালকপ্ৰধানৰ পত্নী শীলা সিং (৫০)ৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আইপিএছ গোবিন্দ সিং, তেওঁৰ সহায়ক আৰু চালকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত হাস্পতাললৈ প্ৰেৰণ কৰে।