নিউজ ডেস্কঃ নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত পিতৃৰ মৃত্যুৰ দুদিন পিছতে হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিল এটি ৪ বছৰীয়া কণমানিৰো।
এই শোকাবহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ কেৰালা।
ৰাজ্যখনৰ ভেঞ্জাৰমুডুৰ এম চি ৰোডৰ ভেঞ্জাৰমুডু জংচনৰ সন্মুখত শনিবাৰে পুৱা সংঘটিত হৈছিল এক শোকাবহ দুৰ্ঘটনা।
এটা লেবৰ সন্মুখত ৰখাই থোৱা এখন বাইকৰ ওপৰত বহি থকা পিৰাপ্পানকোডৰ নিৱাসী শিবু আৰু সন্ধ্যাৰ ৪ বছৰীয়া কন্যা আলমকৃথাক মহতিয়াই নিছিল নিয়ন্ত্ৰণহীন এখন এম্বুলেন্সে।
ইফালে শিশুটিক বচাবলৈ গৈ সেইদিনা এম্বুলেন্সৰ চকাৰ তলত পিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল পিতৃ শিবুৱে।

আনফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ৪ বৰ্ষীয় আলমকৃথাক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি ভেঞ্জাৰমুডুৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱায়।
কিন্তু হাস্পতালত চিকিৎসাধীন অৱস্থাতে সোমবাৰে নিশা মৃত্যু ঘটে মৰমলগা কণমানি আলমকৃথাৰ।
পিতৃৰ মৃত্যুৰ পিছতে এনেদৰে কণমানি শিশুটিৰ মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত এম্বুলেন্স চালকজনক আটক কৰিছে।









