শিক্ষক নিযুক্তি কেলেংকাৰি, বিধায়কক গ্ৰেপ্তাৰ…

শিক্ষক নিযুক্তি কেলেংকাৰিয়ে জোকাৰিছে মমতা বেনাৰ্জী চৰকাৰক।

TMCৰ বিধায়ক মাণিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ EDৰ।

ওৰে নিশা বিধায়কজনক সোধা-পোছাৰ অন্তত মঙলবাৰে পুৱা ইডিয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক।

প্ৰাথমিক শিক্ষা ব’ৰ্ডৰ তদানীন্তন অধ্যক্ষ মাণিক ভট্টাচাৰ্য।

বিধায়ক গৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাছতে তেওঁক পশ্চিম বংগৰ প্ৰাথমিক শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

উল্লেখ্য যে, শিক্ষক নিযুক্তি কেলেংকাৰীত ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেতাৰ্জী গ্ৰেপ্তাৰ হৈছিল।

ইডিৰ মতে পাৰ্থ চেতাৰ্জীৰ হোৱাটচ আপত এনে বহু ধৰণৰ মেছেজ পাইছিল য’ত টকাৰ লেন দেনৰ কথা উল্লেখ আছিল।

পূৰ্বে প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেতাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীৰ পৰা প্ৰায় ৪৬ কোটি টকা উদ্ধাৰ কৰা হৈছিল।