অসম

ক’ভিডৰ চতুৰ্থ ঢৌৰ আশংকাঃ আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

আজি দিনৰ ১২ বজাত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ কৰ’ণা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।

জানিব পৰা মতে, দুপৰীয়া ১২ বজাত আৰম্ভ হ’ব এই গুৰুত্বপূৰ্ণ বৈঠক।

কৰ’ণাৰ চতুৰ্থ ঢৌৰ আশংকাৰ মাজত মুখ্যমন্ত্ৰীসকলৰ সৈতে এইখন প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বৈঠক।

আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।

উল্লেখ্য যে, বিগত ২৪ ঘন্টাত দেশত প্ৰায় ৩০০০ লোক আক্ৰান্ত হৈছে কৰ’ণাত।

Leave a Reply

Your email address will not be published. Required fields are marked *