ৰাষ্ট্ৰীয়

মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীৰ বাছত ভয়ংকৰ অগ্নিকাণ্ড! ৪ জনৰ মৃত্যু, ২২ জন আহত…

এক ভয়ংকৰ ঘটনা।

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীৰ বাছত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ২২ জনকৈ লোক।

যাত্ৰী সকলে ততাতৈয়াকৈ বাছখনৰ পৰা নামিবলৈ চেষ্টা কৰে যদিও জুইৰ লেলিহান শিখাই চাৰিওফালে আগুৰি ধৰে। যাৰ ফলত বাছখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে বহু লোক।

RM 5GTBc?format=jpg&name=small

প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনৰ ভিতৰত এটা ৰহস্যজনক বিস্ফোৰণৰ পিছত জুই আৰম্ভ হয়।

জানিব পৰা মতে, বাছখন কাটাৰাৰ পৰা জম্মু আহি আছিল। বাছ খনত থকা অধিকাংশ লোকে মা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল। তেনে সময়তে এই ঘটনা সংঘটিত হয়।

আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

i83D2EJ2?format=jpg&name=small

পৰৱৰ্তী সময়ত ফৰেনচিক দল উপস্থিত হৈ বাছৰ ভিতৰত জুইৰ কাৰণ অনুসন্ধান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *