অসমঅসমীয়া

গুৱাহাটী-ডিমাপুৰত ৮.৩৮ কোটি টকাৰ সোণ জব্দ, ৫ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ অবৈধ সোণ সৰবৰাহৰ কৰিড’ৰ হৈ পৰিছে গুৱাহাটী। শুকুৰবাৰে ডিৰেক্টৰেট অৱ ৰেভিনিউ ইন্টালিজেন্স চমুকৈ ডিআৰআইয়ে গুৱাহাটী আৰু ডিমাপুৰত অভিযান চলাই ৮.৩৮ কোটি টকাৰ সোণ জব্দ কৰাৰ লগতে সোণৰ সৰবৰাহৰে জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত ডিআৰআইয়ে গ’ল্ড অন দ্য হাইৱে নামেৰে এক অভিযান চলাই ভাৰত-ম্যানমাৰ সীমান্তৰে মণিপুৰ হৈ সৰবৰাহ কৰাৰ সময়ত গুৱাহাটী আৰু ডিমাপুৰত জব্দ কৰে ১৫.৯৩ কেজি ওজনৰ সোণৰ বিস্কুট।

photo1652507155

ডিআৰআইয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰীয়ে দুখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকেৰে প্ৰায় ৯৬ খন সোণৰ বিস্কুট সৰবৰাহ কৰাৰ এক গোপন খবৰ লাভ কৰিছিল ডিআৰআইয়ে। তাৰ পিছতে এই অভিযান চলোৱা হয়।

photo1652507322

ইফালে এই সৰবাৰহৰে জড়িত ৫ জনক ডিআৰআইয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, সোণৰ লগতে অনান্য সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী আৰু অন্য প্ৰশাসনিক বিভাগ যিমান কঠোৰ হৈছে, সিমানেই সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *