অসম

আগন্তুক শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব টাই ভাষা…

উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব টাই ভাষা।

পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব এই ভাষাটো।

আৰম্ভণিতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ’ব টাই ভাষা।

তাৰ পাছতহে পৰ্যায় ক্ৰমে দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমতো টাই ভাষাৰ অন্তৰ্ভুক্তি কৰা হব।

ইতিমধ্যে অসম মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

এই বিষয়ে সদৰী কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই।

টাই আহোম সকলৰ দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা সঁহাৰিৰ পিছতে টাই ভাষাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে।

Leave a Reply

Your email address will not be published. Required fields are marked *