ভয়ংকৰ বাছ দুৰ্ঘটনা! স্কুলীয়া শিক্ষাৰ্থীসহ প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে…

নিউজ ডেস্কঃ সোমবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলায় হিমাচল প্ৰদেশৰ কুল্লুত। পুৱা প্ৰায় ৮ বজাত এখন যাত্ৰীবাহী প্ৰাইভেট বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত নিহত হয় কমেও ১৬ জন। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৮ বজাত হিমাচল প্ৰদেশৰ কুল্লুৰ নেওলি-শানছেৰ পথেৰে গৈ থকা অৱস্থাত প্ৰাইভেট বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই সাইঞ্জ উপত্যকাৰ ওচৰত দৈ খাৱৈত বাগৰি পৰে। বাছখনে এটা কেঁকুৰি ঘূৰিবলৈ লওঁতেই সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ জন যাত্ৰী নিহত হয়।

image 29
ভয়ংকৰ বাছ দুৰ্ঘটনা! স্কুলীয়া শিক্ষাৰ্থীসহ প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে... 3

কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে জানিবলৈ দিয়া মতে, বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে আহত সকলক উদ্ধাৰ কৰি নিকতৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে। আনপিনে নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

image 28
ভয়ংকৰ বাছ দুৰ্ঘটনা! স্কুলীয়া শিক্ষাৰ্থীসহ প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে... 4

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি টুইটযোগে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।

ইফালে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও এই ঘটনাত শোক প্ৰকাশ কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।