বানৰ মাজতে অঘটন।
ঘৰৰ কাষতে থকা দ’ খাৱৈত পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰই।
পলাশবাৰী থানাৰ অন্তৰ্গত আমৰাংগাত সংঘটিত হৈছে এই অঘটন।
নিহত ছাত্ৰগৰাকীৰ হৈছে পল্লৱ দাস(১১)।

আমৰাংগাৰ নিবাসী বিপুল দাস আৰু ৰেৱতী দাসৰ একমাত্র পুত্র তথা আমৰাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্র পল্লৱ দাস (১১)ৰ ঘৰৰ কাষতে থকা দ’ খাৱৈত পৰি সলিল সমাধি ঘটে।
জানিব পৰা মতে দেওবাৰে বিয়লিৰ পৰা পল্লৱ সন্ধানহীন হৈ আছিল।
পিছত খাৱৈটোৰ পাৰত পল্লৱে পিন্ধা চেণ্ডেল এযোৰ প্ৰত্যক্ষ কৰি পানী যুৱলিত পৰিয়াল তথা স্থানীয় লোকে অনুসন্ধান চলায়।
পিচত ঘটনাস্থলীত এছ ডি আৰ এফৰ লোক উপস্থিত হৈ পল্লৱৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পল্লৱৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
লগতে চাওকঃ
মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই…










