আকৌ চৰ্চাত নগাঁও আৰক্ষী! এইবাৰ ভুৱা গোচৰ উঠাই লোৱাৰ নামত আৰক্ষী অধীক্ষকৰ নাম লৈ ধনদাবীৰ অভিযোগ কনিষ্টবলৰ বিৰুদ্ধে

নিউজ ডেস্কঃ নগাঁও আৰক্ষীৰ ওপৰত লগা কলংকৰ দাগ যেন মোচ নাখাবই! ইটোৰ পিছত সিটো বিতৰ্কক লৈ চৰ্চাত আছে নগাঁও আৰক্ষী। যোৱা এমাহত নগাঁও আৰক্ষীৰ তিনিগৰাকীকৈ বিষয়া দুৰ্নীতিৰ অভিযোগত নিলম্বিত হোৱাৰ পিছতো শাম কটা নাই বিতৰ্ক।

এইবাৰ খোদ আৰক্ষী অধীক্ষকৰ নাম লৈ একাংশ আৰক্ষী বিষয়া দুৰ্নীতিৰ পথাৰত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে। শেহতীয়াকৈ ভুৱা ধৰ্ষণৰ গোচৰ উঠাই লোৱাৰ নামত এজন ব্যক্তিৰ পৰা এগৰাকী আৰক্ষী কনিষ্টবলে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগে তুলিছে খলকনি।

নগাঁৱৰ নতুন বজাৰৰ নিৱাসী ৰাজু হাজৰিকা নামৰ এজন যুৱকে নগাঁৱৰ ইটাচালী আৰক্ষী থানাৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে অভিযোগ তুলিছে ধনদাবীৰ। সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰি ৰাজু হাজৰিকাই কয় যে তেওঁৰ প্ৰেসয়ীৰ পিতৃয়ে দিয়া এটা ভুৱা ধৰ্ষণৰ গোচৰ উঠাই লোৱাৰ নামত আৰক্ষী কনিষ্টবলগৰাকীয়ে দাবী কৰিছে ৫০ হাজাৰ টকা।

photo1656913847
আকৌ চৰ্চাত নগাঁও আৰক্ষী! এইবাৰ ভুৱা গোচৰ উঠাই লোৱাৰ নামত আৰক্ষী অধীক্ষকৰ নাম লৈ ধনদাবীৰ অভিযোগ কনিষ্টবলৰ বিৰুদ্ধে 3

যুৱকজনৰ অভিযোগ অনুসৰি, ৫ দিন পূৰ্বে তেওঁৰ প্ৰেয়সীৰ পিতৃয়ে ইটাচালী টাউন আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এটা ভুৱা ধৰ্ষণৰ গোচৰ দিছিল। ইয়াৰ পিছতে ৰেৱ লস্কৰ নামৰ কনিষ্টবলজনে যুৱকজনক ফোন কৰি ৫০ হাজাৰ টকা গোচৰটো উঠাই লোৱাৰ নামত বিচাৰে। এই ধন নিদিলে ৰাজু হাজৰিকা জে’ললৈ যাৱ লাগিব বুলিও সকিয়াই দিয়ে কনিষ্টবলগৰাকীয়ে।

কনিষ্টবল ৰেৱ লস্কৰে ফোনত যুৱকজনক কোৱা মতে, এই ধনৰ এটা অংশ হেনো প্ৰদান কৰিব লাগিব আৰক্ষী অধীক্ষককো। আনহাতে কনিষ্টবলজনে আগধন হিচাপে ৰাজু হাজৰিকাৰ পৰা প্ৰথমে ১০ হাজাৰ টকা বিচাৰে আৰু বাকী ৪০ হাজাৰ টকা ৫ দিনৰ ভিতৰত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

photo1656913735
আকৌ চৰ্চাত নগাঁও আৰক্ষী! এইবাৰ ভুৱা গোচৰ উঠাই লোৱাৰ নামত আৰক্ষী অধীক্ষকৰ নাম লৈ ধনদাবীৰ অভিযোগ কনিষ্টবলৰ বিৰুদ্ধে 4

সংবাদ মাধ্যমৰ সন্মুখত যুৱকজনে অভিযোগ উত্থাপন কৰা মতে, ৰেৱ লস্কৰে এই ধন প্ৰদান নকৰা পৰ্যন্ত ৰাজু হাজৰিকাক ঘৰত নাথাকিবলৈও পৰামৰ্শ দিয়ে। আৰু কনিষ্টবলগৰাকীৰ পৰামৰ্শ অনুসৰিয়েই কিছুদিন ঘৰৰ পৰা পলায়ন কৰি থাকে যুৱকজনে।

কিন্তু প্ৰেয়সীয়ে তেওঁক আশ্বস্তঃ কৰাৰ পিছতে তেওঁ পুনৰ ঘৰলৈ উভতি আহে আৰু কনিষ্টবলজনৰ ধনদাবী সন্দৰ্ভত সংবাদমেলত সকলো কথা বিৱৰি কয়।

নগাঁৱৰ এটা মটৰ গেৰেজত কৰ্মৰত ৰাজু হাজৰিকা নামৰ যুৱকজনে নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগে পুনৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। বিগত কিছু মাহ ধৰি নগাঁও আৰক্ষীক লৈ চৰ্চাত এই অভিযোগে যেন এতিয়া সাৰপানী যোগাইছে।

এসময়ত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সৰ্বত্ৰে প্ৰশংসিত হৈ পৰা নগাঁও আৰক্ষীৰ এতিয়াৰ ব্যৰ্থতাৰ বাবেই নগাঁৱত পুনৰ ড্ৰাগছৰ সৰবৰাহ, গৰুৰ সৰবৰাহ আদিৰ দৰে অপৰাধ বৃদ্ধি পোৱাৰ অভিযোগ কৰিছে অনেকে।