ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, অগ্নিদগ্ধ হৈ নিহত ১২

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ হৈ নিহত ১২ জন।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

G02 1
ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, অগ্নিদগ্ধ হৈ নিহত ১২ 4

জানিব পৰা মতে, বুধবাৰে ৰাজ্যখনৰ বাৰমেৰ জিলাৰ বাৰমেৰ-যোধপুৰ ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

এখন ব্যক্তিগত বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়াৱহ সংঘৰ্ষ হয়।

সংঘৰ্ষৰ পাছতে ট্ৰাক আৰু বাছখনত জুইৰ সূত্ৰপাত ঘটে, যাৰ ফলত ১২ জন লোক জীৱিত অৱস্থাত অগ্নিদগ্ধ হয়।

পূৰ্বতে ৫ জনৰ মৃত্যু হােৱা বুলি প্ৰকাশ কৰা হৈছিল যদিও শেহতীয়া খবৰ অনুসৰি ১২ জনৰ এই দুৰ্ঘটনাত মৃত্যু হয়।

252
দুৰ্ঘটনাস্থলীৰ দৃশ্য

দুৰ্ঘটনাটোত আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন ভুল লেনত অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

লগতে চাওকঃ বিলাসী অ’ডি গাড়ীয়ে মহটিয়াই নিলে স্কুটি, পথচাৰীক, নিহত ১

car
ভয়ংকৰ দুৰ্ঘটনা, বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, অগ্নিদগ্ধ হৈ নিহত ১২ 5

Leave a Comment