অসমঅসমীয়া

উৰণৰ পাছতে শিলচৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

সৰ্বমুঠ ১৪৪ জন যাত্ৰীক কঢ়িওৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI 754 ৰ বুধবাৰে শিলচৰ বিমানবন্দৰত জৰুৰুকালীন অৱতৰণ কৰিবলগীয়া হয়।

জানিব পৰা মতে, শিলচৰৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত বুধবাৰে পুৱা পূৰ্ব নিৰ্ধাৰিত ৭:৪০ বজাত কলকাতা অভিমুখে উৰা মাৰে।

G04 1

কিন্তু উৰণৰ কিছু সময় পাছতে বিমানৰ চালকে লেণ্ডিং গিয়েৰৰ অংশৰ পৰা ধােঁৱা নিৰ্গত হােৱা প্ৰত্যক্ষ কৰে।

ইয়াৰ পাছতে চালকজনে শিলচৰ বিমানবন্দৰত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল।

বিমানৰ কাৰিকৰী বিজুতিৰ কথা পােহৰলৈ অহা পাছতে অগ্নিনিৰ্বাপক বাহিনীকে ধৰি সংশ্লিষ্ট সকলাে বিভাগে এলাৰ্ট কৰি দিয়া হয়।

সৌভাগ্যক্ৰমে বিমানখনে সুকমলে বিমানবন্দৰত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ কিছু সময় বিমানবন্দৰত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

লগতে চাওকঃ বিমান যাত্ৰী হিচাপে যোৱা চিকিৎসকে জীৱন ৰক্ষা কৰিলে সহযাত্ৰীৰ

G2 7

Leave a Reply

Your email address will not be published. Required fields are marked *