ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী চুম’ বাহন, থিতাতে নিহত ৮ জন

নিউজ ডেস্ক। এক ভয়ানক পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ খাৱৈত পৰিল এখন যাত্ৰীবাহী চুম’ বাহন।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ৮ জন লােকৰ।

এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হ’ল জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছাত্ৰু ​​অঞ্চলত।

মঙলবাৰে সংঘটিত এই পথ দুৰ্ঘটনাত এজন ১৬ বছৰীয়া যুৱকসহ ৮ জন লোক নিহত হোৱাৰ বিপৰীতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

G2 10
ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী চুম’ বাহন, থিতাতে নিহত ৮ জন 2

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কিস্তৱাৰ-ছাত্ৰু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চিনগামৰ পৰা ছাত্ৰুলৈ যাত্ৰী কঢ়িয়াই অনা চুমো বাহনখনে (JK-03B-9117) বােন্দা গাঁৱৰ সমীপৰ পথৰ পৰা দ’ খাৱৈত পৰে।

ঘটনাৰ খবৰ লাভ কৰিয়েই আৰক্ষী, সেনা আৰু স্থানীয় গাঁৱৰ লোকে উদ্ধাৰ অভিযান চলায়।

নিহত লোক কেইজন হৈছেঃ নুছৰাতা বানু (১৬), শ্বৰীফ হুছেইন (২৫), ফৰীদ আহমদ (২৫), মহম্মদ আকবৰ (২৮), ফৰীদ হুছেইন (২৫), বছিৰ আহমেদ (৩৫), নাজিৰ আকবৰ (২৫) আৰু নূৰ হুছেইন (৩৫)।

আনহাতে আহতসকলৰ নাম হৈছেঃ মানজুৰ আহমেদ (২৫), খাতুন বেগম (৪৫) আৰু আখতাৰ হুছেইন (৩০)।

আটাইকেইজনেই বােন্দা কিস্তৱাৰ অঞ্চলৰ বাসিন্দা।

ইপিন, এই দুৰ্ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে। তেওঁ মৃতকৰ পৰিয়াললৈ ২-২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘােষণা কৰিছে।