আজি অৱসৰ ল’ব জিষ্ণু বৰুৱাই, মুখ্য সচিবৰ পদত কাৰ্য্যভাৰ গ্ৰহণ কৰিব পবন কুমাৰ বৰঠাকুৰ

আজি অৱসৰ ল’ব ৰাজ্যৰ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই।

ইপিনে জ্যেষ্ঠ আই এ এছ বিষয়া তথা ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে আজি কাৰ্য্যভাৰ গ্ৰহণ কৰিব মুখ্য সচিব ৰূপে।

610 1
আজি অৱসৰ ল’ব জিষ্ণু বৰুৱাই, মুখ্য সচিবৰ পদত কাৰ্য্যভাৰ গ্ৰহণ কৰিব পবন কুমাৰ বৰঠাকুৰ 3

মুখ্য সচিব ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিব লগীয়া পবন বৰঠাকুৰ বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰো মুখ্য সচিব হোৱাৰ উপৰিও অসম প্ৰশাসনিক ন্যায়াধিকৰণ বিভাগৰ অধ্যক্ষ পদত কৰ্মৰত।

উল্লেখ্য যে, মুখ্য সচিব পদৰ পৰা অৱসৰ ল’লেও নিৰ্ধাৰিত কাৰ্য্যকালৰ অন্ত নপৰালৈ অসম শক্তি বিতৰণ খণ্ডৰ অধ্যক্ষ ৰূপেই থাকিব জিষ্ণু বৰুৱা।

লগতে চাওকঃ

কিশোৰীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল আবকাৰী অধীক্ষক প্রীতম বৰুৱা…

photo1661869245
আজি অৱসৰ ল’ব জিষ্ণু বৰুৱাই, মুখ্য সচিবৰ পদত কাৰ্য্যভাৰ গ্ৰহণ কৰিব পবন কুমাৰ বৰঠাকুৰ 4