আনন্দৰাম বৰুৱা বঁটা লাভ কৰা শিক্ষাৰ্থী সকললৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে লেপটপৰ সলনি এইবাৰৰ পৰা নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।
যাৰ বাবে ইতিমধ্যে শিক্ষাৰ্থীসকলৰ পৰা বিভাগীয় ৱেবছাইটৰ জৰিয়তে বিচৰা হৈছে নিজৰ নাম, বেংক একাউণ্টৰ সবিশেষ।
কিন্তু ১,০৬০ গৰাকী শিক্ষাৰ্থীয়ে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই বেংক একাউণ্টৰ সবিশেষ।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা টুইটযোগে সদৰি কৰাৰ কয় যে, বেংকৰ তথ্য প্ৰদান কৰা ২৫৪৮ গৰাকী শিক্ষাৰ্থীৰ তথ্যত বিসংগতি পোৱা গৈছে আৰু ইয়াক নাকচ কৰা হৈছে।
#KindAttention #AnundoramBarooahCashAward. 2,548 applications have been found with errors and will be rejected. 1,060 students have not yet registered/submitted their bank details. 1/2 @himantabiswa pic.twitter.com/55tkJZtuWu
— Ranoj Pegu (@ranojpeguassam) August 30, 2022
লগতে যিসকল শিক্ষাৰ্থীয়ে এতিয়াও পঞ্জীয়ন কৰা নাই বা বিসংগতি পোৱা শিক্ষাৰ্থীসকলক অতি শীঘ্ৰে www.madhyamik,assam.gov.in বেৱছাইটৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ৰাজ্যৰ ২২,৫৯৯ গৰাকী শিক্ষাৰ্থীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব।
এইবাৰ লেপটেপৰ বিপৰীতে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব নগদ ১৬হাজাৰকৈ টকা।









