অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী নৈশ বাছ…

ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী নৈশ বাছ।

সোণাপুৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল এখন যাত্ৰীবাহী নৈশ বাছ।

দুৰ্ঘটনাটোৰ পিথতে বাছখনৰ ভিতৰত কিছু সময় ধৰি আৱদ্ধ হৈ পৰে যাত্ৰীসকল।

787

নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা খাৱৈত সোমাই পৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

অৱশেষত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে খিৰিকীৰে বাহিৰলৈ উলিয়াই যাত্ৰীসকলক।

সোণাপুৰৰ মেধীকুছিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে এএছ ২০ ১৮৬০।

গুৱাহাটীৰ পৰা নগাঁও অভিমুখি আছিল যাত্ৰীবাহী নৈশ বাছখন।

লগতে চাওকঃ

প্ৰবল বৃষ্টিপাতৰ মাজতে অট’ৰিক্সাৰ ওপৰত ভাঙি পৰিল প্ৰকাণ্ড গছৰ ডাল, চালকৰ মৃত্যু…

786

Leave a Reply

Your email address will not be published. Required fields are marked *