অসম

প্ৰবল বৃষ্টিপাতৰ মাজতে অট’ৰিক্সাৰ ওপৰত ভাঙি পৰিল প্ৰকাণ্ড গছৰ ডাল, চালকৰ মৃত্যু…

অসম তথা উত্তৰ পূৰ্বাঞ্চলত সঘনাই হৈ থকা নেৰানেপেৰা বৰুষুণৰ মাজতে সংঘটিত হ’ল এক অঘটন।

চলন্ত অট’ৰিক্সাৰ ওপৰত প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰি মৃত্যুক সাৱটিলে এগৰাকী চালকে।

এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে মেঘালয়ৰ বৰ্ণিহাটত।

786

উল্লেখ্য যে, অসম, মেঘালয় তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঘনাই হোৱা বৰষুণৰ ফলত সংঘটিত হৈছে ভূমিস্খলনৰ লগতে বানপানী।

যাৰ ফলত ঠায়ে ঠায়ে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে ব্যহত হৈ পৰিছে জনজীৱন।

photo 2022 05 15 12 07 32

অসমৰ ডিমা হাচাও জিলাত ভূমিস্খলনৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৩ গৰাকীকৈ লোকে।

শুকুৰবাৰে মেঘালয়ৰ মাওকিনৰেৱ উন্নয়ন খণ্ডৰ অন্তৰ্গত জংক্ষা গাঁৱত ভূমিস্খলনৰ ফলত এজন ৪৩ বছৰীয়া লোকৰ মৃত্যু হৈছিল।

মৃত ব্যক্তিজনক ৰোচিলা কে চাহনোহৰ পুত্ৰ চিদ্ৰেছ কে চাহনোহ বুলি চিনাক্ত কৰা হৈছে।

লগতে চাওকঃ

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী নৈশ বাছ…

787

Leave a Reply

Your email address will not be published. Required fields are marked *