অসম

মন্ত্ৰী সঞ্জয় কিষাণৰ ওপৰত আৰোপিত নিষেধাজ্ঞা প্ৰত্যাহাৰ আলফা(স্বাঃ)ৰ…

প্ৰাক্তন আছু নেতা আৰু আলফা (স্বাধীন)ৰ কেডাৰ বিজু গগৈ ওৰফে ভাগ্য অসমৰ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমত আগত পৰেশ বৰুৱাক ‘মিছলীয়া’ আখ্যা দিছিল অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে।

পৰেশ বৰুৱাই পূৰ্বতেও বহুবাৰ অসমৰ ৰাইজক মিছা কথা কােৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল সংগঠনটাে।

মন্ত্ৰীগৰাকীৰ এনে ‘অপমানসূচক’ মন্তব্যৰ পিছতে ২৪ ঘন্টাৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁক ‘অপৰাধী’ বুলি অভিহিত কৰি সমগ্ৰ ডিব্ৰুগড়-তিনিচুকীয়া জিলাত নিষিদ্ধ কৰাৰ ভাবুকি দিছিল সংগঠনটােৱে।

ইপিনে, সংগঠনটােৰ এই সকীয়নিৰ পিছতে মন্ত্ৰী সঞ্জয় কিষাণে সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে।

তেওঁ কয়, ‘পৰেশ বৰুৱাৰ অন্তৰত আঘাত হনা কােনাে কথাই মই ইচ্ছাকৃতভাৱে কােৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তি আলােচনা আগবঢ়াই নিয়াৰ সময়তে কােনাে কাৰণতে মই ইয়াত কােনাে ব্যাঘাত অনাটাে নিবিচাৰাে। যদি ভুলবশতঃ কৰা কােনাে মন্তব্যৰ বাবে পৰেশ বৰুৱাই দুখ পাইছে, তেন্তে মই ক্ষমা প্ৰাৰ্থনা কৰিছােঁ’।

image 25

ইয়াৰ পিছতে মন্ত্ৰী সঞ্জয় কিষানৰ ওপৰত আৰোপিত সকলো নিষেধজ্ঞা প্ৰত্যাহাৰ কৰে আলফা স্বাধীনে।

লগতে অদূৰ ভৱিষ্যতে মন্ত্ৰীগৰাকীক তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আলফাই।

Leave a Reply

Your email address will not be published. Required fields are marked *