ৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! চাহৰ দোকানত সোমালগৈ তীব্ৰবেগী ট্ৰাক, থিতাতে নিহত ৬জন…

এক অতি ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই চাহৰ দোকানত সোমাল তীব্ৰবেগী ট্ৰাক।

যাৰ ফলত ঠাইতে মৃত্যু হয় ৬ জনকৈ লোকৰ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গাজিপুৰত।

পুৱা প্ৰায় ৮ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত জনতাই ট্ৰাক চালকক আৱদ্ধ কৰি ৰাখি বেয়াকৈ মাৰপিট কৰে।

আৰক্ষীয়ে উপস্থিত হৈ উত্তেজিত জনতাৰ হাতৰ পৰা কোনোমতে চালকজনক উদ্ধাৰ কৰে।

আনহাতে উত্তেজিত ৰাইজে মৃতদেহ কেইটা লৈ ৰাজপথতে ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *