অসম

বিৰোধিক শূণ্য কৰি ৫ টা সমষ্টিতে বিজয় ধ্বজা উৰুৱালে বিজেপি মিত্ৰজোঁটে…

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত পোহৰলৈ আহিল উপ-নিৰ্বাচনৰ ফলাফল।

ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনত শাসনাধিস্থ দলৰ জয়যাত্ৰা।

৩ সমষ্টিত ফুলিল পদুম, ২ সমষ্টিত চলিল টেক্টৰ।

অৱশ্যে আনুষ্ঠানিকতা বাকী আছে এতিয়াও।

থাউৰাত জয়লাভ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ। ৩০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গৰাকী।

ভৱানীপুৰত শেষ হাঁহি মাৰিলে ফনীধৰ তালুকদাৰে। ২৫,০৩১ টা ভোটত জয়লাভ বিজেপি প্ৰাৰ্থী জনৰ।

মৰিয়ণীত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ৪০,১৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ।

গোঁসাইগাঁৱত জয়লাভ ইউপিপিএল প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ। তেওঁ লাভ কৰে ৫২,২৭৮ টা ভোট।

তামুলপুৰত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বৃহত জয়লাভ। প্ৰায় ৬১ হাজাৰতকৈ অধিক ভোট লাভ কৰি জয়লাভ প্ৰাৰ্থীগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *