অসমীয়াঅসম

ভয়ংকৰ ঘটনা! ৰাজপথত দাউদাউকৈ জ্বলি উঠিল চাৰিচকীয়া বাহন, কথমপি প্ৰাণ ৰক্ষা চালকৰ

নিউজ ডেস্কঃ চাবুৱাৰ কাজিখোৱাৰ ৰাজপথত এখন চাৰিচকীয়া বাহন দাউদাউকৈ জ্বলি উঠাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ।

জানিব পৰা মচে, চাবুৱাৰ এজন ব্যক্তিয়ে তেওঁৰ গাড়ীখন চাৰ্ভিছিঙৰ বাবে দি আন এখন বাহন ব্যৱহাৰ কৰিবলৈ লৈ আনিছিল।

সেই বাহনখন লৈ ব্যক্তিজনে কাজিখোৱা চাহ বাগিছাৰ মাজৰ এটা পথেৰে গৈ থকা সময়তে হঠাৎ জুইৰ সূত্ৰপাত হয় বাহনখনত।

অৱশ্যে জুই বিয়পি পৰাৰ পূৰ্বেই চালকজনে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পথৰ ওপৰতে জ্বলি ছাই হৈ পৰে চাৰিচকীয়া বাহনখন।

যান্ত্ৰিক বিজুতিৰ বাবে বাহনখনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *