অসমঅসমীয়া

অচিনাক্ত বাহনৰ খুন্দাত তিৱা ছাত্ৰ নেতা চানকিং মাডাৰৰ মৃত্যু

নিউজ ডেস্কঃ জাগীৰোডত সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত এগৰাকী তিৱা ছাত্ৰনেতাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

নিহত ছাত্ৰনেতা জনক জাগীৰোডৰ মাৰ্কংকুছিৰ চানকিং মাডাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল চানকিং মাডাৰ।

chan

নিশা ছাত্ৰনেতাজনে গোভাৰ পৰা মাৰ্কংকুছিলৈ বাইকেৰে আহি থকাৰ সময়তে আমলীঘাটত কোনো অচিনাক্ত বাহনে মহতিয়াই থৈ যায় চানকিঙক।

madar

দুৰ্ঘনটাত গুৰুতৰভাৱে আহত ছাত্ৰনেতাজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

চানকিং মাডাৰ এনে অকাল মৃত্যুৱে মৰ্মাহত কৰিছে জাগীৰোডবাসীক।

Leave a Reply

Your email address will not be published. Required fields are marked *