পুনৰ কাশ্মীৰী পণ্ডিতৰ হত্যা! বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি এইবাৰ হত্যা কৰিলে এগৰাকী হিন্দু শিক্ষয়িত্ৰীক

নিউজ ডেস্কঃ যি সময়ত শাসক-বিৰোধী সকলোৱে কাশ্মীৰী পণ্ডিতৰ নামত নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণত ব্যস্ত আছে, সেই সময়তে ভূস্বৰ্গখ্যাত কাশ্মীৰত হত্যাৰ বলি হৈছে ইজনৰ পিছত সিজন কাশ্মীৰী পণ্ডিত।

শেহতীয়াকৈ কেন্দ্ৰীয় শাসিত প্ৰদেশখনত পুনৰ হত্যাৰ বলি হ’ল আন এগৰাকী কাশ্মীৰী পণ্ডিত। এইবাৰ বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী শিক্ষয়িত্ৰীক।

কুলগাম অঞ্চলৰ গোপালপুৰা হাইস্কুলৰ শিক্ষয়িত্ৰী ৰজনীক বিদ্যালয়খনৰ ভিতৰতে সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত নামি পৰিছে।

photo1653981353
পুনৰ কাশ্মীৰী পণ্ডিতৰ হত্যা! বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি এইবাৰ হত্যা কৰিলে এগৰাকী হিন্দু শিক্ষয়িত্ৰীক 3

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, শিক্ষয়িত্ৰীগৰাকীক সন্ত্ৰাসবাদীয়ে বিদ্যালয়ৰ চৌহদতে আক্ৰমণ কৰাৰ পিছত তেওঁক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হয়। কিন্তু হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে শিক্ষয়িত্ৰীগৰাকীক।

কাশ্মীৰ আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, “সাম্বা অঞ্চলৰ এজন হিন্দু শিক্ষকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। এই ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদীক অনতিপলমে চিনাক্ত কৰা হ’ব।’’

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা মেহবুবা মুফটিয়ে মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিজেপি চৰকাৰৰ ধৰ্মীয় বিভাজনৰ ফলত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত আক্ৰমণ চলি আছে।

pan
পুনৰ কাশ্মীৰী পণ্ডিতৰ হত্যা! বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি এইবাৰ হত্যা কৰিলে এগৰাকী হিন্দু শিক্ষয়িত্ৰীক 4

মুফতিয়ে কয়, ‘ভাৰত চৰকাৰে দাবী কৰিছে যে কাশ্মীৰত কোনো অশান্তি নাই। কিন্তু সন্ত্ৰাসবাদীয়ে বাৰে বাৰে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে। এইটো বৰ চিন্তাৰ বিষয়। বিজেপি চৰকাৰৰ মুছলমান বিৰোধী নীতিৰ ফলত এনে ঘটনা বাৰে বাৰে ঘটি আছে।”

প্ৰসংগক্ৰমে কিছুদিনৰ পৰা কুলগাম অঞ্চলত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এমাহ পূৰ্বে সন্ত্ৰাসবাদীয়ে এটা চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰি এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰিছিল। সেই ঘটনাৰ পাছৰে পৰা কাশ্মীৰত উত্তপ্ত হৈ আছে। আৰক্ষীৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় অভিনেত্ৰীলৈকে এমাহত উগ্ৰপন্থীৰ আক্ৰমণত বহুতে প্ৰাণ হেৰুৱাইছে।

Leave a Comment