অসমীয়াৰাষ্ট্ৰীয়

শিক্ষাৰ প্ৰতি দুৰ্বাৰ হেঁপাহঃ এখন ভৰিৰেই জঁপিয়াই জঁপিয়াই বিদ্যালয়লৈ যায় কণমানি সীমা, অভিনেতা চনু সুদে দিলে সহায়ৰ প্ৰতিশ্ৰুতি

নিউজ ডেস্কঃ অধ্যয়নৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে এটি কণমানিয়ে এখন ভৰিৰেই এক কিলোমিটাৰ পথ খোজ কাঢ়ি সদায় অহা-যোৱা কৰে বিদ্যালয়লৈ। বিশেষভাৱে সক্ষম এই কণমানি শিশুটিৰ ঘৰ বিহাৰৰ ফতেহপুৰত। নাম তাইৰ সীমা।

এক দুৰ্ঘটনাত এখন ভৰি হেৰুওৱাৰ পিছতো থমকি ৰোৱা নাই সীমা। পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবেই ঘৰৰ পৰা এক কিলোমিটাৰ নিলগৰ বিদ্যালয়লৈ এখন ভৰিৰে জপিয়াই জপিয়াই যায় সীমাই।

image 103
এনেদৰে এখন ভৰিৰে দুপিয়াই দুপিয়াই স্কুললৈ যায় সীমা

অতি দুখীয়া পৰিয়ালৰ শিশুটিৰ বিদ্যালয়লৈ যোৱাৰ এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সহায়ৰ বাবে আগবাঢ়ি আহিছে অভিনেতা তথা ৰিয়েল হিৰ’ খ্যাত চনু সুদ।

উল্লেখ্য যে, কোভিড কালৰে পৰা বহু আৰ্তজনৰ কাষত থিয় হৈ বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে চনু সুদে।

image 105
ভিডিঅ ভাইৰেল হোৱাৰ পিছতে এনেদৰে সীমাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন জন

ৰোগৰ অস্ত্ৰোপচাৰৰ পৰা দৰিদ্ৰৰ গৃহ নিৰ্মাণলৈকে বহু সামাজিক কাম কৰি দায়বদ্ধতাৰ পৰিচয় দিয়া চনু সুদ তেওঁৰ কৰ্মৰাজীয়েই এতিয়া জনতাৰ প্ৰকৃত নায়ক আখ্যা লাভ কৰিছে।

image 104

এইগৰাকী চনু সুদেই বিহাৰৰ ফতেহপুৰৰ বিশেষভাৱে সক্ষম ছাত্ৰী সীমাৰ সহায়ৰ আশ্বাস দি টুইটাৰত লিখিছে- ‘এতিয়া তাই এখনো নহয়, দুয়োখন ভৰিৰে জপিয়াই স্কুললৈ যাব। টিকট পঠাইছোঁ, দুই ভৰিৰে খোজ কঢ়াৰ সময় আহি পৰিছে।’

photo1653553399

জানিব পৰা মতে, এক পথ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই পেলাইছিল কণমানি সীমাই। অতি দৰিদ্ৰ পৰিয়ালৰ সীমাৰ পিতৃ ক্ষীৰণ মাঁঝিয়ে বিহাৰৰ বাহিৰত মজদুৰি কাম কৰে। ডাঙৰ হৈ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখে সীমাই।

প্ৰণিধানযোগ্য যে, সীমাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যৰ ভৱন নিৰ্মাণ মন্ত্ৰী অশোক চৌধুৰীয়েও সহায়ৰ আশ্বাস দিছে। জামুই জিলাৰ অন্তৰ্গত খাইৰ ব্লকৰ ফতেহপুৰ গাঁৱৰ বাসিন্দা সীমাৰ উচিত চিকিৎসাৰ দায়িত্ব মহাবীৰ চৌধুৰী ট্ৰাষ্টে গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *