ৰাষ্ট্ৰীয়অসমীয়া

ভেকচিনৰ প্ৰমানপত্ৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ছবি আঁতৰাবলৈ ন্যায়ালয়ত আবেদন জনাই ভৰিবলগা হ’ল ১ লাখ টকাৰ জৰিমনা

নিউজ ডেস্ক। কোভিড টিকাকৰণৰ প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁতৰাবলৈ ন্যায়ালয়ত আবেদন জনাই জৰিমনা ভৰিবলগা হ’ল কেৰালাৰ এজন আবেদনকাৰীয়ে।

আদালতৰ সময় অবাবত নষ্ট কৰাৰ বাবে আবেদনকাৰী পিটাৰ মায়ালিপাৰামবিলক ১ লাখ টকাৰ জৰিমনা বিহে কেৰালা উচ্চ ন্যায়ালয়ে।

মঙ্গলবাৰে আদালতৰ ৰায়ত প্ৰধানমন্ত্ৰীৰ ছবি আঁতৰাবলৈ কৰা আবেদন ভিত্তিহীন আখ্যা দিয়ে কেৰালা উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে ৰায় প্ৰদানৰ সময়ত কয় যে কেৱল খ্যাতি লাভৰ বাবেই এই আবেদন দাখিল কৰা হৈছে সৰু আদালতৰ অতি মূল্যবান সময় নষ্ট কৰা হৈছে।

উচ্চ ন্যায়ালয়ে আবেদনকাৰীক ১ লাখ টকাৰ জৰিমনা বিহি পৰৱৰ্তী ছয় মাহৰ ভিতৰত জৰিমনা পৰিমাণ জমা দিবলৈ নিৰ্দেশ দিয়ে। অন্যথা তেওঁৰ সম্পত্তি জব্দ কৰা হব বুলিও সকীয়াই দিয়ে।

উল্লেখ্য যে, আবেদনকাৰী পিটাৰ মায়ালিপাৰামবিল কোট্টায়ামৰ নিবাসী। তেওঁ আৱেদনখনত প্ৰশ্ন কৰিছিল যে যেতিয়া মানুহে ভেকছিনৰ ধন পৰিশোধ কৰে আৰু ব্যক্তিগত চিকিৎসালয়তো টিকাকৰণ কৰে, ভেকছিন প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো কিয়? আবেদনকাৰীয়ে ইয়াক মৌলিক অধিকাৰৰ উলংঘন বুলি অভিহিত কৰিছিল। অৱশ্যে, উচ্চ ন্যায়ালয়ে তেওঁৰ এটা যুক্তি অগ্ৰাহ্য কৰে।

ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনে কয় যে প্ৰধানমন্ত্ৰী দেশৰ সকলো নাগৰিকৰে প্ৰধানমন্ত্ৰী। যদি আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা তেওঁৰ সৈতে মিলা নাই, আপুনি তাক প্ৰত্যাহ্বান জনাব নোৱাৰে। উচ্চ ন্যায়ালয়ে কয় যে যেতিয়া ১০০ কোটি লোকে কোভিড টিকাকৰণৰ প্ৰমানপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো থকাক লৈ কোনো অসুবিধাত ভুগি থকা নাই, তেন্তে আপোনাৰ বাবে সমস্যাটো কি? সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ হ’ব পাৰে, তথাপিও তেওঁ সকলোৰে প্ৰধানমন্ত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *